নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাৰ ঘনিষ্ঠ ঠিকাদাৰৰ দুর্নীতিৰ বহু ফাইল জব্দ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ১৭ বছৰীয়া শাসনকালত আঁচনি ৰূপায়ণ নকৰাকৈয়ে বড়োভূমিৰ উন্নয়নৰ নামত আবণ্টিত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মঙলবাৰে  বিটিচি সচিবালয়ত অভিযান চলিল কোকৰাঝাৰ আৰক্ষীৰ৷ অভিযানকালত আৰক্ষীয়ে কেইবাজনো ঠিকাদাৰৰ বহু গুৰুত্বপূর্ণ ফাইল জব্দ কৰে৷ বিত্তীয় কেলেংকাৰিৰ তথ্য থকা জব্দকৃত এই ফাইলসমূহৰে জড়িত ঠিকাদাৰসকল বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ ঘনিষ্ঠ৷ বিটিচি সচিবালয়ত আৰক্ষীৰ অভিযান আৰু ফাইল জব্দ কৰা খবৰে সমগ্র বিটিআৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তদুপৰি বিপিএফৰ শাসনকালত দুর্নীতিত নিমজ্জিত বিষয়া–ঠিকাদাৰ–ৰাজ মাজত আৰক্ষীৰ এই অভিযানে একপ্রকাৰ হাহাকাৰ লগাইছে৷

আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ বিভাগত অবৈধ তথা নীতি–বহির্ভূতভাৱে ঠিকাৰ আবণ্টন আৰু পুঁজি ব্যৱহাৰক লৈ দীর্ঘ সময় ধৰি বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ মাজতে যোৱা ২৮ ফেব্রুৱাৰীত কোকৰাঝাৰ সদৰ থানাত ইউ পি পি এলৰ নেতা উত্তম চন্দ্র বড়োৱে ২০১৫ চনৰ পৰা চি ডি ফাণ্ডত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰমর্মে কোকৰাঝাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৪০৮/৪০৯/৪৬৮নং ধাৰাৰ অধীনত ১৪৩/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ এই গোচৰটো সন্দর্ভতে কোকৰাঝাৰ আৰক্ষীয়ে আজি বিটিচি সচিবালয়ত অভিযান চলায় আৰু দুর্নীতিৰ তথ্য নিহিত থকা বুলি সন্দেহ কৰা ফাইলসমূহ জব্দ কৰি থানালৈ লৈ আহে৷ এজন শীর্ষ আৰক্ষী বিষয়াই সমগ্র বিষয়টোৰ তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে যদিও তদন্তৰ খাতিৰত তেওঁ সবিশেষ কোৱাৰ পৰা বিৰত থাকে৷ যদিহে সঠিকভাৱে তদন্ত হয়, তেন্তে এই কেলেংকাৰিৰে জড়িত বহু বিষয়া–ঠিকাদাৰ–ৰাজ ৰৌ–বৰালি জালত পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

You might also like