নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ অলিয়ে–গলিয়ে তীৰৰ মুকলি বেহা; শতাধিক কাউণ্টাৰত দৈনিক সংগ্রহ ৫০ লাখ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ গুৱাহাটী মহানগৰীত চলিছে মুকলি তীৰৰ বেহা৷ একাংশ আৰক্ষী বিষয়াৰ ছত্রছায়াত মহানগৰীৰ অলিয়ে–গলিয়ে গঢ় লৈ উঠিছে তীৰৰ কাউণ্টাৰ৷ মহানগৰীৰ প্রান্তে প্রান্তে ছদ্মবেশী ব্যৱসায়ীসকলে দিনে–নিশাই অবৈধ তীৰৰ বেহা চলাই থকাৰ পিছতো বুকীসকলৰ পৰা কমিছন লৈ আৰক্ষীয়ে তীৰ বুকীক ৰক্ষণাবেক্ষণ দি থকা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা গণেশগুৰি, বেলতলা, ছয়মাইল, হাতীগাঁও, সিজুবাৰী, সাতগাঁও পাঞ্জাবাৰী, বশিষ্ঠ, লখৰা, ফটাশিল আমবাৰী, কলনী বজাৰ, ধীৰেনপাৰা, লালগণেশ, পল্টন বজাৰ, পাণবজাৰ, লাখটকীয়া, ফাঁচীবজাৰ, ভৰলুমুখ, শান্তিপুৰ, মালিগাঁৱৰ পাণ্ডু আৰু জালুকবাৰীৰ লগতে গড়চুকতো মুকলিভাৱে তীৰৰ টিকট বিক্রী কৰা পৰিলক্ষিত হৈছে৷ একাংশ পাণ দোকানত দৈনিক লাখ লাখ টকাৰ তীৰৰ টিকট বিক্রী কৰাৰ লগতে এজেণ্টসকলে মহানগৰীৰ বজাৰে বজাৰে তীৰৰ টিকট বিক্রী কৰিছে৷

বিশেষকৈ মহানগৰীৰ ফাঁচীবজাৰ, লাখটকীয়া, ছয়মাইল আৰু বেলতলা বজাৰত এজেণ্টসকলে দোকানে দোকানে গৈ তীৰৰ টিকট যোগান ধৰি আহিছে৷ মহানগৰীৰ বিভিন্ন স্থানত চলি থকা শতাধিক তীৰৰ কাউণ্টাৰৰ পৰা দৈনিক পঞ্চাশ লক্ষাধিক টকা মেঘালয়লৈ যোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে, গণেশগুৰি উৰণীয়া সেতুৰ কাষত থকা ‘মা চণ্ডিকা ৰেষ্টুৰেণ্টৰ সন্মুখত থকা পাণ দোকানত দীর্ঘদিন ধৰি চলি আছে তীৰৰ মুকলি বেহা৷ পাণ দোকানত নিতৌ লাখ লাখ টকাৰ তীৰৰ টিকট মুকলিভাৱে বিক্রী কৰি আহিছে যদিও কমিছনৰ অংকত দিছপুৰ আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰিছে৷ গণেশগুৰিত তীৰৰ বুকী আৰু জুৱাৰীৰ মাজত ধনৰ লেনদেনক লৈ কাজিয়াৰ সূত্রপাত ঘটে৷ জুৱাৰী আৰু বুকীৰ মাজত সংঘটিত হোৱা কাজিয়াত হতাহতি হোৱাৰ বাবে কেইবাজনো জুৱাৰী আঘাতপ্রাপ্ত হয়৷ অভিযোগ মতে দিছপুৰ থানাৰ কেইবাজনো আৰক্ষী বিষয়াই তীৰৰ বুকীৰ পৰা মাহিলি মোটা অংকৰ কমিছন লৈ বুকীসকলক ৰক্ষণাবেক্ষণ দি আহিছে৷

You might also like