নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়ঙত বিলাসী বাহনত চুৰি ছাগলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত ছাগলী চোৰৰ সন্ত্রাস অব্যাহত থকাৰ সময়তে পশ্চিম মায়ঙত   চুৰি ছাগলীসহ বিলাসী গাড়ী এখন জব্দ কৰে স্থানীয় ৰাইজে৷ অৱশ্যে সৌভাগ্যক্রমে গাড়ী এৰি পলায়ন কৰাত কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল চোৰকেইটাক৷ প্রাপ্ত তথ্য অনুসৰি মায়ং থানাৰ অন্তর্গত সতিভেটিত পুৱা ৯ মান বজাত ৰঙা ৰঙৰ ছুইফট গাড়ী এখনত পথৰ দাঁতিৰ পৰা ছাগলী উঠাই চন্দ্রপুৰ দিশে তীব্রগতিত উধাও হোৱা প্রত্যক্ষ কৰে স্থানীয় লোকে৷ গাড়ীখনৰ প্রতি সন্দেহ হোৱাত প্রত্যক্ষদর্শীয়ে ছাগলী চোৰৰ দল বুলি সন্দেহ হোৱাত ফোনযোগে গোৱর্ধনৰ বিভিন্ন লোকক খবৰ দিয়ে৷ খবৰ অনুসৰি যুৱকৰ দল এটা গোৱর্ধনৰ চ’কত ৰৈ থকা দেখি গাড়ীখনৰ চালকে তীব্র বেগত গাৰোবস্তিৰ দিশে প্রৱেশ কৰি পুনৰ ঘোঁৰামাৰা হৈ মায়ঙৰ দিশে পলায়ন কৰিবলৈ লওতেই পিছে পিছে বাইক লৈ খেদি যোৱা যুৱকৰ দলটোক দেখি গাড়ী এৰি আৰোহী চোৰকেইটা পলায়ন কৰে৷ যুৱকৰ দলটোৱে হাবিয়নিত বহু সময় বিচাৰ–খোচাৰ কৰে যদিও কোনো এজনৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি এ এছ ০১ এ ডি ২৭৮৬ নম্বৰৰ ছুইফটখন জব্দ কৰাৰ উপৰি চাৰিটা ছাগলী উদ্ধাৰ কৰে৷ উল্লেখ্য যে উদ্ধাৰ হোৱা ছাগলীকেইটাৰ মুখত টেপ লগাই মাতিব নোৱাৰাকৈ অভিনৱ পদ্ধতিৰে চুৰি কৰিছিল চোৰৰ দলটোৱে৷ সম্প্রতি গাড়ীসহ ছাগলীকেইটা মায়ং আৰক্ষীৰ জিম্মাত আছে৷

You might also like