বৰপেটা সত্রত আশিস ল’লে হাগ্রামা মহিলাৰীয়ে
নিয়মীয়া বাৰ্তা, ২৬ জুন : বিটিচি পুনৰ শাসনৰ গাদী দখলৰ বাবে ঈশ্বৰৰ শৰণাপন্ন হ’ল বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী৷ বিপিএফপ্রধান হাগ্রামা মহিলাৰীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্রথমবাৰৰ বাবে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ স্থাপিত বৰপেটা সত্র দর্শন কৰি আশিস লয়৷ বিপিএফৰ কেন্দ্রীয় সমিতিৰ পেৰেণ্ট ব’ডীৰ সভাপতি প্রবীণ বডো, বিপিএফৰ বৰপেটা জিলা সমিতিৰ উপ–সভাপতি হিতেশ বসুমতাৰীৰ লগতে দলীয় কর্মীক লগত লৈ পুৱাৰ ভাগতেই বৰপেটাত উপস্থিত হয়৷ প্রথমে বৰপেটা সত্রৰ বুঢ়া সত্রীয়া বশিষ্ঠ শর্মাৰ বৰপেটা চহৰৰ সুন্দৰীদিয়া কলয়াহাটীৰ বাসভৱনলৈ গৈ হাগ্রামা মহিলাৰীয়ে বুঢ়াসত্রীয়াগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ পৰা বিটিচিত বসবাস কৰাসকলৰ কুশল কামনা কৰি আশিস বিচাৰে৷
মহিলাৰীয়ে সত্রীয়াগৰাকীক চেলেং চাদৰেৰে সম্ভাষণ জনায়৷ ইয়াৰ পিছত পোনে পোনে বৰপেটা সত্রলৈ গৈ সত্রত আঁঠু লৈ সেৱা কৰি সত্রখন দর্শন কৰে৷ বিপিএফপ্রধান হাগ্রামা মহিলাৰীৰ বৰপেটা সত্রত আজিয়েই প্রথম পদার্পণ কৰে৷ বৰপেটা সত্র দর্শন কৰি হাগ্রামা মহিলাৰীয়ে প্রাক্তন বিধায়ক মিলন বডো, কেবাজনো এমচিএল প্রার্থীক লগত লৈ সদলবলে বৰপেটা জিলাৰ সৰভোগৰ মইনবডি সত্রত পদার্পণ কৰি সত্রত সেৱা লয়৷ সত্রত চাকি বন্তি জ্বলাই শৰাই আগবঢ়ায়৷ তাৰ পিছতে সত্রৰ বুঢ়া সত্রাধিকাৰ গণেশ চন্দ্র অধিকাৰীক এক সৌজন্যমূলক সাক্ষাৎ কৰি সত্রাধিকাৰগৰাকীৰ পৰা আশীর্বাদ লয়৷
বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি গুৰুজনাই যি সমাজ প্রতিষ্ঠা কৰিছিল সেই আদর্শ দর্শনেৰে যাতে আগন্তুক দিনত মহিলাৰীয়ে আগবাঢ়িব পাৰে তাৰ বাবে সত্রাধিকাৰগৰাকীৰ পৰা আশীর্বাদ কামনা কৰে৷ বিটিচিৰ নির্বাচনত গুৰুজনাই যাতে তেখেতক শক্তি ভক্তিৰে আগবাঢ়ি যাবলৈ সক্ষমতা দিয়ে সেই নিমিত্তে সত্রত শৰাই আগবঢ়ায়, সত্রাধিকাৰ গৰাকীক শৰাই, চেলেং আৰু আৰনাই এখনেৰে সম্ভাষণ জনায়৷