নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত বজ্র পৰি ৮৩ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৬ জুন : বিহাৰত বৃহস্পতিবাৰে বিজুলী–ঢ়েৰেকনিৰে হোৱা প্রচণ্ড বতাহ–বৰষুণত ব্যাপক ক্ষতি হয়৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তত হোৱা বজ্রপাতত বিগত ২৪ ঘণ্টাতে ৮৩জন লোকে মৃত্যুক সাবটি ল’বলগীয়া হয়৷

ইয়াৰ ভিতৰত গোপালগঞ্জত সর্বাধিক ১৩জন লোকৰ মৃত্যু ঘটে৷ আনহাতে, মধুৱনী আৰু নবদাতাত ৮জনকৈ লোকৰ বজ্রপাতত মৃত্যু হয়৷ এই ঘটনাৰ পাছতে বিহাৰ চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহলৈ চাৰি লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰাৰ ঘোষণা কৰিছে৷

  ইপিনে, বিহাৰৰ এই দুর্যোগত প্রাণ হেৰুওৱাসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এক টুইটযোগে প্রধানমন্ত্রী মোদীয়ে মৃত্যুক আঁকোৱালি লোৱা লোকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা প্রকাশ কৰিছে৷ উল্লেখ্য যে বিগত দুদিন ধৰি বিহাৰৰ বিভিন্ন প্রান্তত মুষলধাৰ বৰষুণৰ লগতে হোৱা প্রচণ্ড বতাহ–ধুমুহাই ব্যাপক ক্ষতিসাধন কৰিছে৷

You might also like