এইবাৰ হাইলাকান্দি… জাননী পাই ঘৰ খালী কৰিবলৈ আৰম্ভ বেদখলকাৰীৰ
হাইলাকান্দি জিলাৰ ঘৰমুড়া ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত দামছড়া এলেকাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে ডাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰশাসনৰ মতে, অহা ১৬ জানুৱাৰীত উচ্ছেদ অভিযান চলোৱা হ’ব আৰু ১৪ জানুৱাৰীৰ পৰা প্ৰস্তুতি আৰম্ভ হ’ব।
ইতিমধ্যে বন বিভাগে ৫২০টা পৰিয়ালক জাননী দিছে। এই পৰিয়ালসমূহ উত্তৰ দামছড়া, পশ্চিম দামছড়া আৰু দক্ষিণ দামছড়া গাঁৱৰ বনভূমিত বাস কৰি আছিল। জাননী পোৱাৰ পিছত বহু পৰিয়ালে নিজে নিজে ঠাই খালি কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় ৪০ শতাংশ লোক ইতিমধ্যে নিজৰ সামগ্ৰী লৈ এলেকা এৰি গৈছে।
প্ৰশাসনে শান্তিপূৰ্ণভাৱে অভিযান সম্পন্ন হ’ব বুলি আশা কৰিছে। এই কাৰণে অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু জেচিবি আদি বাহন চলাচলৰ সুবিধাৰ বাবে অস্থায়ী পথ নিৰ্মাণো কৰা হৈছে।
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী