নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ হুমকি ট্রাম্পৰ, কিয় এই সিদ্ধান্ত মাৰ্কিন ৰাষ্ট্ৰপতিৰ…

নিউজ ডেস্ক, ৯ জানুৱাৰী : বিশ্বৰ বিভিন্ন দেশৰ ওপৰত মার্কিন যুক্তৰাষ্ট্রৰ চৰিত্রগত আধিপত্য দখলৰ নতুন কৌশল হিচাপে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্রয় কৰি থকাৰ বাবে দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অধিক উচ্চ হাৰত পুনৰ শুল্কৰ বোজা জাপি দিবলৈ আগবাঢ়িছে৷ ৰাছিয়াৰ ওপৰত পোটক তুলিবলৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দেশখনৰ সৈতে বাণিজ্যিক লেনদেন কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷

সম্প্রতি এই সংক্রান্তত এখন বিধেয়ক গৃহীত কৰাৰ কথা চলিছে হোৱাইট হাউছত৷ ইতিমধ্যে ৰাষ্ট্রপতি ট্রাম্পে বিধেয়কখনত অনুমোদন জনাইছে৷ বিধেয়কখন গৃহীত হ’লেই বিশেষকৈ ভাৰত আৰু চীনৰ বাণিজ্যৰ ওপৰত এটা বৃহৎ চাপ পৰিব বুলি ধাৰণা কৰা হৈছে৷ কাৰণ নিজ নিজ দেশৰ তেলৰ চাহিদা পূৰণ কৰাৰ বাবে দেশ দুখনে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল ক্রয় কৰে৷

ৰিপাব্লিকান চিনেটৰ লিণ্ডছে গ্রাহামে জনোৱা মতে, যোৱা কেইবামাহ ধৰি বিলখনক লৈ আলোচনা–বিলোচনা চলি আছিল৷ বুধবাৰে ইয়াকে লৈ ৰাষ্ট্রপতিৰ সৈতে বৈঠকো অনুষ্ঠিত হয়৷ এই বৈঠকতে ৰাষ্ট্রপতি ট্রাম্পে বিলখন গৃহীতকৰণত অনুমোদন জনায়৷ তেওঁ মন্তব্য কৰে যে বিলখন গৃহীত কৰাৰ এইটোৱেই উপযুক্ত সময়৷ ইউক্রেইন সম্প্রতি শান্তি চুক্তিৰ পক্ষত৷ কিন্তু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে মুখেৰে যুদ্ধবিৰতিৰ কথা প্রকাশ কৰিলেও তেওঁ নিৰীহৰ হত্যা চলায়ে আছে৷ এনে পৰিস্থিতিত ৰাছিয়াৰ পৰা বহু দেশে কম দামত তেল কিনি পুটিনৰ যুদ্ধৰ ক্ষেত্রত অৰিহণা যোগাইছে৷ এই বিধেয়কখন গৃহীত হ’লে তেনে দেশসমূহ শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ অহা সপ্তাহতে মার্কিন চিনেটত বিলখনক লৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব পাৰে বুলি তেওঁ জনায়৷

উল্লেখ্য যে ভাৰত আৰু চীনৰ উপৰি ৰাছিয়াৰ তেল আৰু গেছৰ বৃহৎ গ্রাহক ব্রাজিলকে ধৰি আন কেইবাখনো দেশ আছে৷ মার্কিন নেতাসকলে ধাৰণা কৰে যে ভাৰত আৰু চীনে এনেদৰে তেল কিনাৰ জৰিয়তে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধখনত পুটিনৰ ‘বেকবোন’ হিচাপে কাম কৰিছে৷ ফলত ইউক্রেইনৰ পক্ষত থিয় হ’বলৈ গৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে৷

উল্লেখ্য যে আমেৰিকাৰ ক্ষমতা দখলৰ পিছতে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ বন্ধ কৰিবলৈ তৎপৰ হৈছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ পুটিনৰ সৈতে এই সন্দর্ভত আলোচনাৰ চেষ্টা চলিলেও খুব এটা সফলতা লাভ নকৰিলে আমেৰিকাই৷ নিজকে ‘শান্তিৰ দূত’ হিচাপে বিশ্বৰ সন্মুখত তুলি ধৰি এই যুদ্ধ ৰোধ কৰাটো ট্রাম্পৰ বাবে আটাইতকৈ বৃহৎ প্রত্যাহ্বান হিচাপে দেখা দিছে৷ সেইবাবেই যিকোনো প্রকাৰে ৰাছিয়াৰ ৰাষ্ট্রপতিক আলোচনাৰ মেজত বহুৱাবলৈ চেষ্টা চলাইছে আমেৰিকাই৷ সেই উদ্দেশ্যে ৰাছিয়াৰ ব্যৱসায় বন্ধ কৰি আর্থিকভাৱে পুটিনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈয়ে ট্রাম্পৰ এই পদক্ষেপ বুলি ধাৰণা কৰা হৈছে৷

You might also like