নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেকনিকেল জ্ঞান নথকা বিষয়াৰ ভুলৰ বাবেই জ্বলিল নেকি বাঘজান?

নিয়মীয়া বাৰ্তা ১২ জুনঃ অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্রতীকস্বৰূপ ৰাজহুৱা খণ্ডৰ নৱৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ প্রাথমিক তথা সুকীয়া পৰিচয়েই হৈছে তেল খনন, উৎপাদন আৰু অন্বেষণকাৰী উদ্যোগ প্রতিষ্ঠান৷ কিন্তু অইল ইণ্ডিয়াৰ এই পৰিচয়ৰ মুধচত এতিয়া ঘুণে ধৰিছে৷ যাৰ বাবেই বাঘজান কাণ্ড সংঘটিত হ’ল নেকি? সম্প্রতি এনে ধৰণৰ প্রশ্ণই সর্বত্র চর্চা লাভ কৰিছে৷ উল্লেখ্য যে ভূ–তত্ত্ব আৰু ৰির্জাভাৰ (জি এণ্ড আৰ) ড্রিলিং অথবা খনন আৰু উৎপাদন (অ’ জি পি এছ) অইল ইণ্ডিয়া লিমিটেডৰ প্রধান বিভাগ৷ প্রাৰম্ভিকতে জি এণ্ড আৰে একোখন তৈলক্ষেত্রত ভৌগোলিক জৰীপ চলাই খনন আৰু উৎপাদনৰ বাবে উপযুক্ত তৈলক্ষেত্র হিচাপে চিহ্ণিত কৰি লয়৷ অন্বেষণৰ জৰিয়তে ভূ–গর্ভৰ তেল–গেছ খনন আৰু উৎপাদনেই তৈল প্রতিষ্ঠানটোৰ প্রাথমিক চর্ত৷ খনন–উৎপাদনৰ পৰাই অইল ইণ্ডিয়া লিমিটেডে দেশৰ দ্বিতীয় বৃহৎ তৈল উদ্যোগ প্রতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ অইল ইণ্ডিয়াৰ মুধচস্বৰূপ জি এণ্ড আৰ, খনন আৰু উৎপাদন বিভাগক কাৰিকৰীভাৱে সহযোগ আগবঢাই আহিছে চিভিল, ইলেক্ট্রিকেল, কেমিকেল, ফিল্ড ইঞ্জিনীয়াৰিং, ইনফৰমেচন টেকন’লজী, ফায়াৰ ছার্ভিচ, ইনষ্ট্রুমেণ্টেচন, আৰ এণ্ড ডি আদি বিভাগসমূহে৷ সেইদৰে মাল্টী ডিচিপ্লিনাৰী বিভাগ, যেনে– কনড্রেক্ট, ছেফটী, টেকনিকেল অ’ডিট, প্রজেক্ট আদি বিভাগসমূহত কোনো কাৰিকৰীভাৱে বিশেষত্বৰ প্রয়োজন নাথাকে৷ ইফালে বছৰি তেল–গেছ উৎপাদনৰ এটা লক্ষ্য নির্ধাৰণ কৰি ভাৰত চৰকাৰৰ পেড্র’লিয়াম মন্ত্রালয়ৰ সৈতে অইল ইণ্ডিয়াই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি আহিছে৷

এক শীর্ষ সূত্রই জানিবলৈ দিয়া অনুসৰি অইল ইণ্ডিয়াৰ আন এটা অতি গুৰুত্বপূর্ণ বিভাগ ‘অইল এণ্ড গেছ প্রডাকচন ছার্ভিচ’ত চলি অহা শীর্ষ বিভাগৰ স্বজন–তোষণ তথা লবীকেন্দ্রিকতাৰ বাবেই সম্পূর্ণ বিভাগটোৰে কর্মসংস্কৃতিৰ নমুনা স্পষ্ট হ’ল বাঘজান কাণ্ডত৷ পূর্বৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল যেইল এণ্ড গেছ প্রডাকচনৰ মুৰববী তথা ই ডি পি এছ অতীন্দ্র ৰায়চৌধুৰীৰ নেতৃত্বত বহা বৈঠকতে বিভাগীয় বিষয়াবর্গৰ সহযোগিতাত ২৭ মে’ৰ পুৱাৰ ভাগত লোৱা সিদ্ধান্তমর্মেই গুজৰাটৰ ‘জন এনাজ্’ নামৰ ব্যক্তিগত ঠিকাদাৰী প্রতিষ্ঠানটোৱে অইলৰ এছ অ’ পি ভংগ কৰি বাঘজান বি জি আৰ–৫ত চলাইছিল ৱর্ক অভাৰ৷ জানিব পৰা মতে, গেছ খাদৰ চিমেণ্টিং প্রক্রিয়া ৪৮ ঘণ্টা হোৱাৰ পূর্বেই অইল হেড স্পুলৰ পৰা বি অ’ পি খুলি মেৰামতিৰ কাম চলোৱাৰ লগতে দহডাল টিউবিং পাইপ সোমোৱাৰ নির্দেশ আহিছিল বৈঠকৰ পৰা৷ নির্দেশ অনুসৰি প্রথমডাল পাইপ সোমোওঁতেই এটা বিকট শব্দ হৈ পাইপ বেঁকা হৈ যোৱাৰ লগতে খাদৰ চিমেণ্টিং ভাঙি–ছিঙি ব্ল–আউট আৰম্ভ হয়৷ এই ব্ল–আউটৰ ১৪টা দিনত ভয়ংকৰ অগ্নি কুণ্ডলৈ পৰিণত হয় প্রচুৰ উৎপাদনশীল বাঘজান তৈলক্ষেত্র৷ ভুল মানুহ, ভুল চকী, ভুল সিদ্ধান্তৰ বাবেই জ্বলিল নেকি বাঘজান? এই ঘটনাক লৈ এতিয়া অইলৰ বিভাগীয় মুৰব্বীগৰাকীৰ কাৰিকৰী দক্ষতা আৰু ‘জন এনাজ্’ৰ কার্যদক্ষতাৰ প্রতিও বহু প্রশ্ণৰ উদয় হৈছে বিভিন্নজনৰ মনত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এগৰাকী আই টি বিভাগৰ বিষয়াই কেনেকৈ অইল ইণ্ডিয়াৰ হৃদস্পন্দন ‘অইল এণ্ড গেছ প্রডাকচন’ৰ মুৰববী তথা ই ডি পি এছৰ দায়িত্ব গ্রহণ কৰি আছে? অতীন্দ্র ৰয়চৌধুৰীৰ বর্তমান পদবীক লৈ সন্দেহ প্রকাশ কৰিছে বহুজনে৷ জানিব পৰা মতে, ৰয়চৌধুৰীয়ে আশীৰ দশকতে দুলীয়াজান অইল ইণ্ডিয়া আই টি বিভাগত অভিযন্তা হিচাপে যোগদান কৰিছিল৷ ২০১২ চনত তেওঁ মুখ্য অভিযন্তালৈ পদোন্নতি লাভ কৰে৷ ২০১৩ চনত চীফ মেনেজাৰ (কণ্ড্রেক্ট) হিচাপে যোগদান কৰি পৰৱর্তী সময়ত চীফ মেনেজাৰ ‘কণ্ড্রেক্ট এণ্ড পাৰচেজ’লৈ পদোন্নতি লাভ কৰি নইদালৈ যায়৷ পুনৰ ২০১৫ চনত পদোন্নতি লাভ কৰি যোগদান কৰে জি এম (প্লেনিং) হিচাপে৷ একেটা বিভাগত ২০১৭ চনত চীফ জেনেৰেল মেনেজাৰ হিচাপে পদোন্নতি লাভ কৰি ২০১৯ চনৰ ১জানুৱাৰীত বিভাগটোৰ কার্যবাহী সঞ্চালক হয়৷ ইয়াৰ পাছত ২০২০ চনৰ ১৪ ফেব্রুৱাৰীত ই ডি পি এছ অর্থাৎ ‘অইল এণ্ড গেছ প্রডাকচন’ৰ মুৰববী পদত অধিষ্ঠিত হয় অতীন্দ্র ৰয়চৌধুৰী৷ ইয়াৰ পূর্বে উক্ত গুৰুত্বপূর্ণ বিভাগটোৰ মুৰব্বীৰ দায়িত্বত আছিল প্রডাকচন অইলৰ চি জি এম জিষ্ণু শর্মা৷ শর্মাই ২০১৯ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্রহণ কৰাৰ পাছত ২০২০ৰ ১ জানুৱাৰীৰ পৰা ১৩ ফেব্রুৱাৰীলৈ মাত্র এমাহৰ বাবে দায়িত্ব লৈছিল প্রডাকচন–গেছ চি জি এম সিদ্ধার্থ বৰদলৈয়ে৷ প্রশ্ণ উত্থাপন হয় উক্ত দুগৰাকী কাৰিকৰীভাৱে দক্ষ ব্যক্তিৰ তুলনাত ৰয়চৌধুৰীৰ বিভাগীয় দক্ষতা ক’ত? আনহাতে, কাৰিকৰীভাৱে দক্ষ কৰি তুলিবলৈ অইল ইণ্ডিয়াই একোজন বিষয়াৰ নামত সময়ে সময়ে বিদেশত প্রশিক্ষণ লোৱাৰ বাবদ কোটিৰ ঘৰত টকা ব্যয় কৰি আহিছে বুলি সকলোৱে জানে৷ এইসকল বিষয়াই বিদেশৰ প্রশিক্ষণৰ অন্তত অইল ইণ্ডিয়াক কিদৰে সমৃদ্ধ কৰি তুলিছে, সেয়া বাঘজান কাণ্ডই উদঙাই দিলে৷ অইল ইণ্ডিয়াৰ ধন অপব্যয় কৰি মাহজোৰা প্রশিক্ষণৰ নামত যে একাংশ বিষয়া–বৰমূৰীয়াই বিদেশ প্রব্রজনেৰে ভেঁকো–ভাওনা কৰি আহিছে, সেয়া আজিৰ তাৰিখত সাধাৰণ ৰাইজেও বুজি উঠিব পাৰিছে৷ ইফালে জানিব পৰা মতে, সেই একেগৰাকী বিষয়াইব’ড অৱ ডিৰেক্টৰ পদলৈও লালসা কৰি মূৰকত ভাৰত চৰকাৰৰ পাব্লিক এণ্টাৰপ্রাইজ ছিলেকচন ব’র্ডে অনুষ্ঠিত কৰা সাক্ষাৎকাৰত অৱতীর্ণ হ’ব নোৱাৰিলে একমাত্র ব’র্ডে নির্ধাৰণ কৰা গুণগত মান স্পর্শ কৰিব নোৱাৰা বাবে৷

You might also like