নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ নিশাটো হ’ব এটা প্ৰত্যাহ্বানৰ নিশা; কিন্তু কিয় ? ক’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৪ মেঃ “বৃহস্পতিবাৰৰ নিশাটো ক’ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে অন্যতম প্ৰত্যাহ্বানৰ নিশা । কাৰণ দেশৰ বিভিন্ন স্থানৰ পৰা আজিৰ নিশাৰ ভিতৰতে অসম পাবহি প্ৰায় ৮ শতাধিক লোক ।”– বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে বৃহস্পতিবাৰৰ নিশাটো ক’ৰোনা প্ৰতিৰোধী যুঁজৰ বাবে অন্যতম প্ৰত্যাহ্বানৰ নিশা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ৮ শতাধিক লোকক সঠিকভাৱে পৰীক্ষা কৰি কোৱাৰেণ্টাইন কৰিব পৰাটো স্বাস্থ্যবিভাগৰ বাবে হ’ব এটা বৃহৎ প্ৰত্যাহ্বান ।

আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে- আজি নিশা দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিবলগীয়া ৰে’লখনত ২১৯ গৰাকী যাত্ৰী আহিব । লগতে মিজোৰামলৈকে আহিবলগীয়া কৃষক-শ্ৰমিক ৰে’লযোগে অসমৰ ৬২৫ জন যাত্ৰী আহিব । গতিকে আজিৰ নিশাটোতে আমি প্ৰায় ৮০০ যাত্ৰীক আমি গ্ৰহণ কৰিব লাগিব ।

You might also like