নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

FIFA বিশ্বকাপত চোৰাংচোৱা : ফুটবলে নিজেই জনাব Offside-Onside

আগতে ফুটবলৰ অর্থ আছিল ২২জন ফুটবলাৰ আৰু মাত্র এটা বল৷ এতিয়া সেই বলটো কার্যতঃ মেচৰ ‘ষ্টাফ’ হৈ পৰিছে৷ আসন্ন ফিফা বিশ্বকাপৰ অফিচিয়েল বল ‘ট্ৰাইঅ’ণ্ডা’ই কেৱল কিক ল’বলৈ খেলপথাৰখন লোৱাই নহয়, ই তথ্য প্রেৰণ কৰিব, হিচাপ কৰিব আৰু ভিএআৰক সহায় কৰিব৷

ফুটবল এতিয়া লাহে লাহে এটা ‘স্মার্ট ডিভাইচ’ত পৰিণত হৈছে৷ শেহতীয়াকৈ এডিডাছ আৰু ফিফাই মুকলি কৰিছে এটা নতুন বল৷ ইয়াক দেখাত ৰঙীন, বাহিৰৰ পৰা চিকচিকিয়া, উত্তৰ আমেৰিকাৰ তিনিখন আয়োজক দেশ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ ৰঙেৰে সজাই তোলা হৈছে৷

কিন্তু আচল কাহিনীটো বলটোৰ ভিতৰত লুকাই আছে৷ ট্ৰাইঅ’ণ্ডাৰ ভিতৰত এটা সৰু মোচন চেন্সৰশ্বিপ আছে৷ যিয়ে প্রতি ছেকেণ্ডত ৫০০বাৰ তথ্য প্রেৰণ কৰিব পাৰে৷ অর্থাৎ যেতিয়া বলটোৱে ভৰিত খুন্দা মাৰিলে কিমান জোৰে আঘাত কৰিলে, কোনফালে পৰিল এই সকলো বাস্তৱ সময়ৰ ৰেকর্ড কৰা হ’ব৷

এই তথ্য পোনপটীয়াকৈ ভিএআৰ আৰু অর্ধ–স্বয়ংক্রিয় অফছাইড ছিষ্টেমলৈ যাব৷ ফলত, ৰেফাৰীয়ে আৰু বাৰে বাৰে ৰিপ্লে চাব নালাগিব৷ ফিফাই আশা কৰিছে যে নতুন বলটোৱে সেই সময় কমাই দিব৷ আচলতে এই বলটো কেৱল খেলপথাৰৰ বাবেই নহয়, ব্যৱসায়ৰ বাবেও গুৰুত্বপূর্ণ৷

মেচৰ সময়ত ট্ৰাইঅ’ণ্ডাই যি তথ্য সংগ্রহ কৰিব, বলৰ গতি, স্পিন, শ্বটৰ শক্তি, ট্ৰেজেক্টৰী, সম্প্রচাৰক, বিশ্লেষণ প্লেটফর্ম, আনকি বেটিং কোম্পানীসমূহৰ বাবেও অমূল্য হ’ব৷ এই তথ্যই এতিয়া সকলোবস্তুৰ আঁৰত কাম কৰিব, লাইভ মেচৰ সময়ত গ্রাফিক্স দেখুৱাব, বিশ্লেষণ কৰিব আৰু তৎক্ষণাত পৰিসংখ্যা সৃষ্টি কৰিব৷

অর্থাৎ বিশ্বকাপৰ বলটো এতিয়া কেৱল খেলপথাৰতে ঘূৰাই নহয়, কোটি কোটি টকাৰ ‘ডাটা ইক’নমী’কো নিয়ন্ত্রণ কৰিব৷ এইবাৰ বলৰ ডিজাইনত ডাঙৰ পৰিৱর্তন হৈছে৷ আগতে ফুটবলত সাধাৰণতে ৩২টা পেনেল আছিল৷

ট্ৰাইঅ’ণ্ডাত মাত্র ৪টা ডাঙৰ বক্র পেনেল আছে৷ ২০১০ চনৰ বিশ্বকাপৰ ‘জাবুলনি’ক লৈ তীব্র অভিযোগ উত্থাপন হৈছিল৷ গ’ল ৰক্ষকৰ পৰা ষ্ট্রাইকাৰলৈকে– প্রায় সকলোৱে এটা শব্দতে কৈছিল যে বলৰ ট্ৰেজেক্টৰী নিয়ন্ত্রণ কৰাটো কঠিন৷ অতীতৰ অভিজ্ঞতাৰ পৰা শিকি এডিডাছে এইবাৰ গভীৰ খাঁজ আৰু বিশেষ টেক্সচাৰ ব্যৱহাৰ কৰিছে৷ যাতে বলটো বতাহত অত্যধিক অস্থিৰ হৈ নাযায় আৰু সেমেকা বতৰতো নিয়ন্ত্রণত থাকে৷

ফুটবলৰ পৰিৱর্তন ঘটিছে৷ কেৱল কৌশল বা ফিটনেছতে নহয়, প্রযুক্তিৰ ক্ষেত্রতো৷ এতিয়া ফুটবলাৰসকলে বায়’মেট্ৰিক ট্ৰেকাৰ পিন্ধে৷ ষ্টেডিয়ামৰ ভিৰৰ গতিবিধিও নিৰীক্ষণ কৰা হয়৷ সম্প্রচাৰত লাইভ এনালাইটিক্স ব্যৱহাৰ কৰা হয়৷ ট্ৰাইঅ’ণ্ডা সেই ঠাইত মাত্র পৰৱর্তী পদক্ষেপ৷

বিশ্বকাপ আৰম্ভ হ’লে দর্শকে হয়তো বিশেষ গুৰুত্ব নাপাব৷ খেলপথাৰতো একে ধৰণৰ ফুটবল খেলিব৷ কিন্তু ভিতৰত বলটোৱে অনবৰতে কেমেৰা, এলগৰিডম আৰু কণ্ট্ৰোল ৰুমৰ সৈতে কথা পাতি থাকিব৷

ডিজিটেল ডেস্ক, ২৬ মে’

You might also like