নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বুদ্ধদেৱ’ৰে মঞ্চ কঁপাবলৈ সাজু হেঙুল থিয়েটাৰঃ মৰিয়নিত নাট্যাৰম্ভ

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ ৩৫ সংখ্যক নাট্যবৰ্ষৰ কালি ৰাতি নাট্যাৰম্ভ কৰা হয়। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে দুটাকৈ নাট্যবৰ্ষত বন্ধ হৈ থকাৰ পিছত এইবাৰ ন – উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিছে হেঙুল থিয়েটাৰ। মৰিয়নি ক্ৰীড়া সন্থাৰ সৌজন্যত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত কালি ৰাতি ফিটা কাটি মঞ্চ মুকলি কৰাৰ লগতে নতুন নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। অভিনেতা দেবজিত বৰাই আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানত মঞ্চ মুকলি কৰি সাংসদ গগৈয়ে কয়- এখন ভাল নাটকে সমাজলৈ সুস্থ বাতাৱৰণ কঢ়িয়াই আনিব পাৰে। নাটকে সমাজ এখনক সুশৃংখলিতভাৱে আগুৱাই নিব পাৰে। মানুহৰ জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’লেও নাটকৰ প্ৰভাৱ আছে বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয় -নাটক কেৱল উপভোগ কৰা আহিলাই নহয় নাটকৰ ভিতৰত থকা বাৰ্তাসমূহ আমি উপলব্ধি কৰিব পাৰিব লাগিব। সাংসদ তপন কুমাৰ গগৈয়ে হেঙুল থিয়েটাৰে কেৱল মৰিয়নি বা উজনি অসমৰে নহয় সমগ্ৰ অসমতে নাম জিলিকাই তুলিছে বুলি মন্তব্য কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হেঙুল থিয়েটাৰ কৰ্তৃপক্ষৰ প্ৰতি ধন্যবাদো জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে হেঙুল থিয়েটাৰৰ জন্মদাতা প্ৰয়াত অভিনেতা প্ৰশান্ত হাজৰিকা আৰু অভিনেত্ৰী ইলা কাকতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথ, অভিনেতা-পৰিচালক পবিত্ৰ বৰুৱা, প্ৰবীন অভিনেতা সুভাষ শৰ্মা, অনিল বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, মৰিয়নি ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্ত আদিক থিয়েটাৰ কৰ্তৃপক্ষই আদৰণি জনায়। আনহাতে, দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা আন এক অনুষ্ঠানত আয়োজক মৰিয়নি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উদ্বোধক তথা সাংসদ তপন কুমাৰ গগৈ, হেঙুল থিয়েটাৰৰ প্ৰযোজক-পৰিচালক সংকল্পজিত হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা, সুদৰ্শন অভিনেতা প্ৰসেনজিত বৰাৰ লগতে ভ্ৰাম্যমাণ নাট্যদলত ২৫ বছৰ অভিনয় কৰা মৰিয়নিৰ সন্তান দেৱজিত বৰাক সম্বৰ্ধনা জনোৱা হয়। কালি ৰাতি প্ৰথমখন নাট বিশিষ্ট নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ ৰচিত আৰু সংকল্পজিত হাজৰিকাৰ পৰিচালিত ‘ৰঘুনাথ’ মঞ্চস্থ কৰা হয়। হেঙুল থিয়েটাৰৰ এইবৰ্ষৰ আন দুখন নাটক হৈছে ৰাজদ্বীপৰ ‘বুদ্ধদেৱ’ আৰু প্ৰনৱ বৰুৱাৰ ‘গোন্ধ’ । ২২ আগষ্টৰ পৰা ২৮ আগষ্টলৈকে মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা হেঙুল থিয়েটাৰৰ নাট উপভোগ কৰিবলৈ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like