নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচাৰিছিল ২০০০ টকাঃ পিছে ১২০০ টকা ঘোচ লৈ মৈৰাবাৰীত ভিজিলেঞ্চৰ জালত শিক্ষক দিদাৰুল

নিয়মীয়া বাৰ্তা ২৩ আগষ্ট : অসম আৰক্ষীৰ ভিজিলেঞ্চ আৰু দূৰ্নীতি নিবাৰন সঞ্চালকালয়ৰ কবলত পৰিল পূনৰ এজন ঘোচখোৰ শিক্ষক। মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ হাতীমূৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম (৫০)ক আজি দূপৰীয়া পূৰ্বতে বিচৰা ঘোচ লৈ থকা অৱস্থাত হাতেলোটে কৰায়ত্ত কৰে অসম আৰক্ষীৰ ভিজিলেঞ্চ আৰু দূৰ্নীতি নিবাৰন শাখাৰ এটা অভিযানকাৰী দলে।জানিব পৰা মতে বিদ্যালয়খনৰ পৰা অলপতে বদলি হৈ যোৱা ভবেশ কছাৰী নামৰ সহকাৰী শিক্ষকজনৰ পৰা ধুৰন্ধৰ শিক্ষক দিদাৰুল ইছলামে চাকৰিৰ বহী উন্নীতকৰন আৰু শেষতীয়া দৰমহাৰ প্ৰমান পত্ৰ দিয়াৰ নামত দুই হাজাৰ টকা বিচাৰিছিল। সেই মৰ্মে ভবেশ কছাৰীয়ে বিষয়টো অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ত অৱগত কৰিছিল। সহকাৰী শিক্ষক ভবেশ কছাৰীৰ অভিযোগৰ ভিত্তিত আজি দিনৰ আনুমানিক ১ মান বজাত ১২০০ টকা দিদাৰুল ইছলামে সহকাৰী শিক্ষকজনৰ পৰা লোৱাৰ লগে লগে পূৰ্বৰে পৰা খাপপিটি থকা প্ৰায় সাতজনীয়া দলটোৱে দিদাৰুলক হাতেলোটে কৰায়ত্ত কৰে। দিদাৰুল ইছলামৰ বিৰুদ্বে দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যোৱা হৈছে ধুৰন্ধৰ শিক্ষকজনক। কালি গুৱাহাটী আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে দানৱৰূপী শিক্ষক দিদাৰুল ইছলামক। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like