নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া আছুৰ অধিৱেশন সম্পূৰ্ণ : ত্ৰিদিব শইকীয়া সভাপতি-নিপু ভূঞা সাধাৰণ সম্পাদক নিৰ্বাচিত

বিশেষ বাৰ্তা, ২৩ আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক নাহৰকটীয়া আঞ্চলিকৰ আগন্তুক কাৰ্য্যকালৰ বাবে ত্ৰিদিব শইকীয়াক সভাপতি আৰু নিপু ভূঞাক সাধাৰণ সম্পাদক ৰূপে সৰ্বসন্মতি ক্ৰমে অধিষ্ঠিত কৰা হয়। কালিৰে পৰা নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আৰম্ভ হোৱা নাহৰকটীয়া নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ত্রয়োবিংশতম সাধাৰণ অধিৱেশনৰ প্ৰথম দিনা জিলা পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ত্ৰিদিব শইকীয়াক সভাপতি আৰু নিপু ভূঞাক সাধাৰণ সম্পাদক ৰূপে বাচনি কৰাৰ লগতে তচেন ডেকা, জয়ন্ত কোঁৱৰ, বিতোপন গগৈ ঋতুপন গগৈ আৰু প্ৰাঞ্জল প্ৰতিম গগৈক উপদেষ্টা, দুৰ্লভ বৰা, অংকুৰ জ্যোতি ভূঞা, সাগৰ গগৈ, শিৱা দাস আৰু দ্বীপ ডেকাক উপ সভাপতি, পংকজ দত্ত, বিশাল দাস, জিৎ দাস, অজয় বসুমতাৰী আৰু ভাস্কৰ দাসক সহকাৰী সাধাৰণ সম্পাদক আৰু পাপু দাসক শিক্ষা সম্পাদক ৰূপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে কালি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতীম গগৈয়ে শ্বহীদ তৰ্পন, অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেশ নাহৰডেকাই স্বৰ্গীয় ফটিক চন্দ্ৰ গগৈৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ নাহৰকটীয়া নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বমোহন চুতীয়াই মঞ্চ উদ্বোধন কৰে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় চিত্ৰাংকন, কুইজ, কবিতা আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা। আনহাতে দুপৰীয়া কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ অন্তত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই উদ্বোধন কৰে প্ৰতিনিধি আৰু বিষয় বাচনি সভা। একেদৰে নিশালৈ অনুষ্ঠিত হয় স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰে। একেদৰে আজি সামূহিক চাফাইৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ অন্তত ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তচেন ডেকাই উদ্বোধন কৰা তথা তিনিটাকৈ হাতীয়ে নেতৃত্ব দিয়া সাংস্কৃতিক শোভাযাত্ৰাত গায়ন বায়ন, বিহু, মেচ কছাৰী, ঝুমুৰ, নেপালী বেংগলী আদিকে বিভিন্ন দলে অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক সংস্কৃতি দাঙি ধৰি সমগ্র নাহৰকটীয়া চহৰ পৰিভ্ৰমণ কৰে। আনহাতে আজি সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই মুখ্য অতিথি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপিকা ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰা এই সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্তই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰাৰ লগতে আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তচেন ডেকা, কেন্দ্ৰীয় কায্যনিৰ্বাহক অনিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ গগৈ আদিকে ধৰি কেইবাটাও দল সংগঠনৰ নেতৃবৃন্দই। একেদৰে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ “দুন্দুভি” উন্মোচন কৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তৰংগ কল্লোল শইকীয়াই। আনহাতে অনুষ্ঠান সমাপ্ত কৰা হয় নিশালৈ অনুষ্ঠিত হোৱা আমন্ত্ৰিত অতিথিৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক সন্ধিয়াৰে যত অনুষ্ঠান পৰিবেশন কৰে ক্ৰমে কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ, আকাশ নিবিড়, আচুৰ্য্য বৰপাত্ৰ গোহাঁই আদিকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই। উল্লেখযোগ্য যে অধিৱেশন খনিৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে আজি নাহৰকটীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ প্ৰায় ৮০০০ টকাৰ মূল্যবান গ্ৰন্থ, তিনিখনকৈ ডেস্ক বেঞ্চ আৰু এটা গ্লোৱ উপহাৰ স্বৰূপে আগবঢ়োৱা হয়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like