নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছে জানক

নিয়মীয়া বাৰ্তা ৪ মেঃ বহু জল্পনা– কল্পনাৰ অন্ত পেলাই, যোগ–বিয়োগ নিমিলা অংকৰ সামৰণি মাৰি  সদ্যঘোষিত অসম বিধানসভাৰ ২০২১ৰ নির্বাচনৰ ফলাফল ঘোষণাৰ অন্তত বৰপেটা জিলাৰ ৪৪নং জনিয়া বিধানসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে ১,৫৫,৯২৭টা ভোট পাই নির্বাচিত হয় ড০ হাফিজ ৰফিকুল ইছলাম৷ ড০ ইছলামে তেওঁৰ নিকটতম বিজেপি প্রার্থী শ্বহিদুল ইছলামে মাত্র ১১,৩৫০টা ভোট পাবলৈ সক্ষম হয়৷

প্রণিধানযোগ্য যে এইবাৰৰ অসম বিধানসভা নির্বাচনত ৰাজ্যখনৰ ভিতৰত সর্বাধিক ১,৪৪,৫৬৪ টা ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় ড০ হাফিজ ৰফিকুল ইছলাম৷এইক্ষেত্রত সমূহ জনিয়া সমষ্টিবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে তৃতীয়বাৰৰ বাবে নির্বাচিত বিধায়কগৰাকীয়ে৷ অনাগত দিনত জনিয়া সমষ্টিৰ সর্বস্তৰৰ উন্নয়নমূলক কাম কৰিব বুলি ৰাইজক আশ্বাস দিয়ে বিধায়কগৰাকীয়ে৷ ইয়াৰ লগতে বর্তমান সমগ্র বিশ্বব্যাপী ক’ৰোনা ভাইৰাছে যি আতংকময় পৰিৱেশৰ সৃষ্টি কৰি দিনকদিনে বহুতো মানুহ মৃত্যুমুখত পৰিব লগা হৈছে৷

এইক্ষেত্রত ক’ভিডৰ ভয়াৱহতাৰ প্রতি সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে সঘনাই ছেনিটাইজাৰ কৰিবলৈ, হাত ধুবলৈ, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ, সকলো সময়ত মাস্ক পৰিধান কৰিবলৈ আৰু ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৰ বিৰুদ্ধে চৰকাৰ, প্রশাসন আৰু সমূহ ৰাইজে মিলি যুঁজ দিয়াৰ বাবে আহ্বান জনায় নৱনির্বাচিত বিধায়কগৰাকীয়ে৷

You might also like