নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণ নেওচি পুষ্পবৃষ্টিৰ মাজেৰে ২৫ কিঃমিঃ চাইকেল ৰেলী

বিহপুৰীয়াত মন্ত্রী ড০ শর্মাৰ নির্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বিধানসভা নির্বাচনক লক্ষ্য কৰি শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰা ব্যাপক কুচকাৱাজৰ মাজতে মঙলবাৰে বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰত নির্বাচনী ৰণডংকা বজালে জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উজনিত বিজেপিৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে নামি পৰা মন্ত্রীগৰাকীয়ে ধেমাজিত বিশাল চাইকেল ৰেলীৰে বিৰোধীক প্রত্যাহ্বান জনোৱাৰ পাছত মঙলবাৰে নাৰায়ণপুৰত আন এক বিশাল চাইকেল ৰেলীৰে সৃষ্টি কৰিলে চমক৷ প্রতিকূল বতৰক নেওচি  সহস্রাধিক দলীয় সমর্থক তথা ৰাইজক লগত লৈ বিহপুৰীয়া সমষ্টিৰ ধলপুৰৰ পৰা শিমলুগুৰিৰ মাজেৰে ৰঙতি হৈ নাৰায়ণপুৰলৈকে ২৫ কিলোমিটাৰৰ এক সুবিশাল চাইকেল ৰেলীৰ নেতৃত্ব দিয়ে মন্ত্রী ড০ শর্মাই৷ এই দীঘলীয়া পথছোৱাত মন্ত্রীগৰাকীক বিভিন্ন ঠাইত গায়ন–বায়ন লৈ হাজাৰ হাজাৰ লোকে পুষ্পবৃষ্টি কৰাৰ লগতে ফুলৰ মালা, গামোচাৰে আদৰণি জনায়৷ ২৫ কিলোমিটাৰ দৈর্ঘ্যৰ পথছোৱাৰ কাষত আৰু বিভিন্ন ঠাইত জনগোষ্ঠীয় সাংস্কৃতিক দলে নৃত্য–গীত প্রদর্শনেৰে ৰেলীৰ নেতা–কর্মীসকলক আদৰণি জনায়৷ বড়ো, অসমীয়া, নেপালী, মিচিং, দেউৰী, আদিবাসী আদি জনগোষ্ঠীৰ গীত–নৃত্যৰে মন্ত্রীগৰাকীৰ লগতে দলীয় কার্যকর্তাসকলক আদৰণি জনায়৷ বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উচ্ছ্বসিত কৰি তোলে দলীয় কর্মীসকলে৷ দলীয় কর্মীৰ এনে পাৰভঙা উৎসাহৰ মাজতে মন্ত্রী ড০ শর্মাৰ মন্তব্য– এইবাৰ বিহপুৰীয়া সমষ্টিত বিজেপিৰ জয় নিশ্চিত৷

উল্লেখ্য যে মঙলবাৰে পুৱাৰে পৰা হাৰ কঁপোৱা শীতৰ লগতে কিনকিনীয়া বৰষুণে পৰিৱেশ যথেষ্ট জটিল কৰি তুলিছিল যদিও এনে প্রতিকূল পৰিৱেশকো নেওচি মন্ত্রীগৰাকীৰ সৈতে চাইকেল ৰেলীত আজি অংশ ল’লে সমষ্টিটোৰ কেইবাহাজাৰ লোকে৷ সাংসদ পল্লৱলোচন দাস, স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকা, বিজেপিৰ ৰাজ্যিক জনজাতি মর্চাৰ সভাপতি হৰেন দেউৰী, কিষাণ মর্চাৰ সভাপতি প্রফুল্ল বৰা, দলীয় নেতা ড০ অমিয় ভূঞা, ৰাজীৱ বৰুৱা, হেমন্ত নেওগ আদিৰ লগতে বহু কর্মকর্তাই আজি মন্ত্রীগৰাকীক সংগ দিয়ে৷ ৰাইজৰ অভূতপূর্ব সঁহাৰি দেখি এয়া বিজেপিৰ ক্রমবর্ধমান জনপ্রিয়তা আৰু অসমৰ ৰাইজৰ সভ্যতা ৰক্ষাৰ যুঁজৰ সংকল্প বুলি উল্লেখ কৰে ড০ শর্মাই৷ প্রতিকূল বতৰক নেওচি কেইবাসহস্র লোকে চাইকেল ৰেলীত অংশগ্রহণ কৰাৰ বাবে মন্ত্রীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত মন্ত্রী ড০ শর্মাই কয়– চাইকেল চলাই যাওঁতে ৰাইজৰ মনৰ বুজ লোৱাৰ প্রয়াস কৰিছোঁ৷ বিগত সময়ছোৱাত চৰকাৰে কৰা আঁচনিসমূহৰ সুবিধাবোৰ সাধাৰণ ৰাইজে লাভ কৰিছে নে নাই, তাৰ খবৰ লৈছোঁ৷ এই চাইকেল ৰেলীৰে নিজকে মন্থন কৰাৰ চেষ্টা চলাইছোঁ বুলিও উল্লেখ কৰে তেওঁ৷ ইফালে চাইকেল ৰেলীৰে নাৰায়ণপুৰত উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে নাৰায়ণপুৰত নির্মীয়মাণ মাধৱদেৱ কলাক্ষেত্র পৰিদর্শন কৰি নির্মাণৰ কামৰ অগ্রগতিৰ বুজ লয়৷ মন্ত্রীগৰাকীয়ে কয়– মাধৱদেৱ কলাক্ষেত্রৰ সুবিশাল প্রকল্প পৰিকল্পনাতকৈ যথেষ্ট ডাঙৰ হ’ব৷ এই নির্মাণৰ কাম নির্ধাৰিত সময়তে সম্পূর্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ চাইকেল ৰেলীৰ পাছতেই মন্ত্রীগৰাকীয়ে দলীয় কর্মী–সমর্থকৰ সৈতে আজি একেলগে আহাৰ গ্রহণ কৰে৷ আজি মন্ত্রী ড০ শর্মাই আহোম ৰজাৰ দিনৰ ঐতিহাসিক শক্তিপীঠ মাঘনোৱা দ’লতো সেৱা জনায়৷
লখিমপুৰত সতী সাধনীৰ প্রতিমূর্তি উন্মোচন
লখিমপুৰত মঙলবাৰে সতী সাধনীৰ এটা প্রতিমূর্তি উন্মোচন কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লখিমপুৰ নগৰৰ দাঁতিত ৰাষ্ট্রীয় ঘাইপথ আৰু বাইপাছৰ সংযোগ স্থানত ১৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা এই প্রতিমূর্তিটো আনুষ্ঠানিকভাৱে মন্ত্রীগৰাকীয়ে উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই চুতীয়াসকলৰ বাবে কেইবাটাও ভাল খবৰ দিয়ে৷ সতী সাধনীৰ নামত গৃহীত হোৱা বিশ্ববিদ্যালয়খনে অচিৰেই বাস্তৱ ৰূপ ল’ব বুলি উল্লেখ কৰে তেওঁ৷ এই বিশ্ববিদ্যালয়ৰ উপাচার্য নিযুক্তিকে ধৰি আন কাম–কাজ আৰম্ভ কৰা হ’ব বুলিও আজি তেওঁ জানিবলৈ দিয়ে৷ চুতীয়াসকলৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি আজি তেওঁ উল্লেখ কৰে৷ অচিৰেই চুতীয়াসকলে আন কেইবাটাও ভাল খবৰ পাব বুলিও তেওঁ কয়৷ এই প্রতিমূর্তি উন্মোচনী কার্যসূচীত সাংসদ পল্লৱলোচন দাস, প্রদান বৰুৱা, বিধায়ক উৎপল দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like