ডিজিটেল ডেস্ক, ১০ মে’ : দেওবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকভৱনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এন ডি এৰ নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী আৰু এনডিএৰ অন্যান্য নেতাসকলক লৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আৰ্জি দিয়ে।
ইয়াৰ পিছত ৰাজ্যপাল আচাৰ্যই ড° শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আৰু তেওঁৰ মন্ত্ৰীসভাৰ সৈতে শপতগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব।
ইয়াৰ পূৰ্বে পুৱাই গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকত ড° শৰ্মাক সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়।
বিজেপি বিধায়ক দলৰ বৈঠক দলীয় কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহঃ পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত অনুষ্ঠিত হয়। বৈঠকত সদ্য নিৰ্বাচিত সকলো বিজেপি বিধায়কে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিজেপিৰ এই বিধায়িনী দলৰ বৈঠকত ৮গৰাকী বিধায়কে প্ৰস্তাৱ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ৰণজিত কুমাৰ দাস, অজন্তা নেওগ, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, পীয়ূষ হাজৰিকা, ৰামেশ্বৰ তেলী, ৰাজদ্বীপ ৰয়, আৰু চক্ৰধৰ গগৈয়ে ড° শৰ্মাৰ নাম বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰে। ইয়াৰ পিছতেই তেওঁক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।
এনডিএৰ সহযোগী দল অগপ আৰু বিপিএফেও ড° শৰ্মাক এনডিএৰ নেতা হিচাপে সমৰ্থন জনায়। ইয়াৰ ফলত মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হয়।
ইফালে, অহা মঙলবাৰে (১২ মে’) খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানক লৈ জোৰদাৰ প্ৰস্তুতি চলিছে।
শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, এনডিএশাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেইবাজনো শীৰ্ষ উদ্যোগপতি, অন্যান্য আমন্ত্ৰিত অতিথিৰ লগতে লক্ষাধিক লোক উপস্থিত থাকিব।