পুনৰ ফিফা বিশ্বকাপৰ থীম ছঙত শ্বাকিৰা
ডিজিটেল ডেস্ক, ১০ মে’ : ফিফা বিশ্বকাপৰ থীম ছঙলৈ ঘূৰি আহিছে শ্বাকিৰাৰ যাদু৷ ২০১০ চনৰ বিশ্বকাপত শ্বাকিৰাৰ ‘ৱাকা ৱাকা’ৰ সুৰত সমগ্র বিশ্বই নাচিছিল৷ সেই গীতটোৱে দক্ষিণ আফ্রিকাত অনুষ্ঠিত বিশ্বকাপক এক বেলেগ মাত্রা প্রদান কৰিছিল৷ তাৰ পিছত যোৱা তিনিটা বিশ্বকাপত শ্বাকিৰামুক্ত থীম ছং সম্পূর্ণ হতাশাজনক আছিল৷ অৱশেষত কলম্বিয়াৰ পপ তাৰকাগৰাকীয়ে গোৱা থীম ছঙটো ১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চত৷
ফিফাই ঘোষণা কৰিছে যে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ আনুষ্ঠানিক গীত আৰু সেই গীতটোৰে ১৬ বছৰৰ পিছত পুনৰ বিশ্বকাপৰ মঞ্চলৈ ঘূৰি আহিছে শ্বাকিৰা৷ এই নতুন গীতটিৰ নাম ‘ডাই ডাই’৷ এই গীতটোত শ্বাকিৰাই নাইজেৰিয়াৰ জনপ্রিয় আফ্রবিটছৰ শিল্পী বার্না বয়ৰ সৈতে টীমআপ কৰিছে৷ বিশ্বকাপৰ আনুষ্ঠানিক গীত হিচাপে ‘ডাই ডাই’ ঘোষণাক লৈ ইতিমধ্যে ফুটবল অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ ১৪ মে’ত মুক্তি পাব সম্পূর্ণ গীতটো৷
তাৰ আগতে ৭ মে’ত ব্রাজিলৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়ামৰ টিজাৰ ভিডিঅ’ পোষ্ট কৰি শ্বাকিৰাই সকলোকে আচৰিত কৰি তুলিছিল৷ সেই ভিডিঅ’টো মুক্তি পোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত বহু চর্চা হৈছে৷ ‘ডাই ডাই’ৰ অর্থ হ’ল মূলতঃ ইটালীয় অভিব্যক্তি, যাৰ অর্থ হৈছে ‘আহা, যাওঁ’ ৷
২০১০ চনৰ বিশ্বকাপৰ শ্বাকিৰাৰ ‘ৱাকা ৱাকা’ আজিও ফুটবল ইতিহাসৰ অন্যতম জনপ্রিয় গীত হিচাপে গণ্য কৰা হয়৷ বহুতৰ মতে এই নতুন গীতটোৱে বিশ্বজুৰি ফুটবলৰ উন্মাদনাত পুনৰ এক নতুন মাত্রা যোগ কৰিব পাৰে৷ বিশেষকৈ শ্বাকিৰা আৰু বার্না বয়ৰ যুটিটো ইতিমধ্যে বিশ্ব সংগীতৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷