নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নহয় লকডাউন, সুকলমে অনুষ্ঠিত হ’ব বিহুঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ক’ৰোনাৰ পুনৰ সংক্ৰমণ দেশত বৃদ্ধি হোৱাৰ লগতে অসমতো ক্ৰমান্বয়ে ইয়াৰ প্ৰাদুৰ্ভাৱ কিছু বঢ়া দেখা গৈছে। অৱশ্যে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত সংক্ৰমণৰ হাৰ কম যদিও ৰাজ্যখনত ক’ৰোনাক লৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ আছে।

অসমত ক’ৰোনাৰ পুনঃআগমনক লৈ আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে ক’ভিডৰ দ্বিতীয় জোৱাৰক লৈ ৰাজ্য চৰকাৰ আগৰবাৰৰ দৰে সাজু। বিহু সুকলমে অনুষ্ঠিত কৰিব পৰাকৈ প্ৰতিদিনে ১ লাখকৈ টেষ্ট কৰা হ’ব।

কিন্তু বাতৰিকাকতত প্ৰকাশ হৈ থকাৰ দৰে লকডাউন বা সান্ধ্যআইন অসমত দিয়া নহয়। আনহাতে স্কুল-কলেজৰ ক্ষেত্ৰতো কোনো প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা ৰাজ্য চৰকাৰে ভবা নাই। এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ভেকচিন লোৱাৰ বাবে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয়- ‘এইবাৰ ক’ভিড যুঁজাৰুৱে ভেকচিন গ্ৰহণ কৰিছে বাবে চিকিতসাৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ’ব। গতিকে অসমবাসী ৰাইজে ক’ভিডক লৈ কোনো উদ্বিগ্নতাৰ মাজত সোমাই পৰিব নালাগে। আমি আগৰ দৰেই একেই নিষ্ঠা-একাগ্ৰতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু।’

You might also like