নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ প্রেমিকৰে মিলি স্বামীক হত্যাৰ অভিযোগত ৰঙাঘৰত সোমাল পত্নী

হত্যাকাণ্ড জোৰশিমুলী আৰক্ষী চকী ঘেৰাও ক্ষুব্ধ জনতাৰ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ   কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তর্গত জোৰশিমুলীত অবৈধ প্রেমিকৰ জৰিয়তে পত্নীয়ে স্বামীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে জোৰশিমুলী আৰক্ষী চকীৰ অন্তর্গত সৰালসুঁতি গাঁৱৰ ছামউদ্দিনৰ পুত্র আক্কেছ আলীয়ে (৩৮) কর্মসূত্রে পত্নী আলেকজান নেছাক লৈ গুৱাহাটীৰ গডচূকত থাকিবলৈ লয়৷ গডচূকতে আলেকজান নেছাৰ সৈতে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তর্গত শিয়ালকান্দিৰ ছফিকুল ইছলামৰ সৈতে ৪–৫ মাহ পূর্বৰে পৰা অবৈধ প্রেমৰ সম্পর্ক গঢ়ি উঠে৷

অভিযোগ মতে, যোৱা ৫ এপ্রিলত জোৰশিমুলীৰ সৰালসুঁতিৰ পৰা ষড়যন্ত্র কৰি আলেকজান নেছাই স্বামী আক্কেছ আলীক ঔষধ ক্রয়ৰ বাবে অবৈধ প্রেমিক ছফিকুল ইছলামৰ ওচৰলৈ পঠিয়াই দিয়ে৷ তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আক্কেছ আলীৰ কোনো ধৰণৰ শুংসূত্র পোৱা নাই৷ আনহাতে আক্কেছ আলীক আলেকজান নেছাই প্রেমিক ছফিকুল ইছলামৰ জৰিয়তে পৰিকল্পিতভাৱে হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ আক্কেছ আলীৰ পৰিয়ালৰ লোকে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আলেকজান নেছাক ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ আনহাতে এই ঘটনাক লৈ একাংশ স্থানীয় লোকে আজি জোৰশিমুলী আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে অসম আৰক্ষী হায় হায়, দোষীক শাস্তি লাগে, হত্যাকাৰীৰ বিচাৰ লাগে আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷

You might also like