নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ অসম আগমনক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ অহা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ড০ শৰ্মাই আজি ৰাহুল গান্ধীৰ অসম আগমন সম্পৰ্কে কয় যে মাত্ৰ ১২-১৫ হাজাৰ মানুহক সম্বোধন কৰাৰ কাৰণে ৩০-৩৫ লাখ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিল। এইখিনি কাম তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰিব পাৰিলে হয়।

আনহাতে, ৰাহুল গান্ধীয়ে জনসভাৰ সলনি কামাখ্যা মন্দিৰ বা বটদ্ৰৱা বা বৰপেটা সত্ৰলৈ আহিলেহে কংগ্ৰেছৰ লাভ হ’লহেঁতেন বুলি লগতে উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে ৰাহুল গান্ধীয়ে আৰবী জনা মানুহৰ পৰা পৰামৰ্শ নলৈ অসমীয়া ভাষা জনা মানুহৰ পৰা পৰামৰ্শ ল’লে এনে ভুল নহ’লহেতেন বুলিও তেওঁ কটাক্ষ কৰে।

উল্লেখ্য, ৰাহুল গান্ধীয়ে আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এক জনসভাত সম্বোধন কৰিছিল।

You might also like