নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। মঙলবাৰে  দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা বুলি  টুইটযোগে জানিব দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে জানিবলৈ দিছে।

আনহাতে তৰুণ গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ  অহা সকলো লোককে ক’ভিড-১৯ টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে ক’ভিত আক্ৰান্ত হোৱা বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি টুইটযোগে আৰোগ্যৰ কামনা কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like