নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বছৰ বয়সতেই গর্ভবতী! সন্তান জন্ম দি মাতৃৰ দাবী শিশুৰ পিতৃৰ বয়স ১০ বছৰ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ ৬ আগষ্টত এটি কন্যা সন্তান জন্ম দিছে ৰাছিয়াৰ যুৱতী দাৰিয়াই। তাইৰ বয়স শুনিলে আপুনিও আচৰিত হ’ব। মাত্র ১৩ বছৰ বয়সতেই তাই গর্ভবতী হৈছিল আৰু ১৪ বছৰ বয়সতেই মাতৃও হৈছে।

ইপিনে মাতৃ হোৱাৰ পাছতেই তাই এক চাঞ্চল্যকৰ দাবী কৰে। দাৰিয়াই জনাইছে তাইৰ শিশুটিৰ পিতৃৰ নাম ইভান। আৰু তাৰ বয়স হৈছে মাত্র ১১ বছৰ। যদিও চিকিৎসকে কৈছে, ১০ বছৰৰ কিশোৰে বিজ্ঞানসম্মতভাবে পিতৃ হোৱাটো সম্ভব নহয়। যাৰ বাবে দাৰিয়াৰ শিশুটিৰ পিতৃ নিশ্চয়ই আন কোনো বুলি সন্দেহ কৰা হৈছে।

ইনষ্টাগ্রামত মাতৃ হোৱাৰ খবৰ জনাইছে দাৰিয়াই। লগতে জনাইছে তাই এতিয়া বহু ক্লান্ত। তাই পাছত সকলোৰে সৈতে কথা পাতিব বুলি প’ষ্টটোত উল্লেখ কৰিছে । অৱশ্য দাৰিয়াই এতিয়াও সদ্যোজাত শিশুটিৰ ছবি চেয়াৰ কৰা নাই ।

আনহাতে ৰাছিয়াৰ নিয়ম, ১৬ বছৰ পূৰ্বে কোনোয়ে অভিভাবক হিচাবে দায়িত্ব পালন কৰিব নোৱাৰে। তেনেক্ষেত্ৰত দাৰিয়াৰ ১৬ বছৰ সম্পূৰ্ণ হ’বলৈ এতিয়াও দুবছৰ বাকী। যদি দাৰিয়াৰ দাবী সত্য হয় তেন্তে তাইৰ বয়ফ্রেণ্ড ইভানৰ ১৬ বছৰ হ’বলৈ বাকী আৰু পাঁচ বছৰ। ইমান দিন কি হ’ব শিশুটিৰ!

You might also like