নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লুৰীণজ্যোতিয়ে নিজেই বিয়া পাতিছে, নিজেই দৰা-কইনা হৈছে, নিজেই কইনা লৈ ঘৰলৈ গৈছে’ কিয় ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ  অসম জাতীয় পৰিষদৰ অভিৱৰ্তন আৰু লুৰীণজ্যোতি গগৈক সমালোচনা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই লুৰীণজ্যোতিক সমালোচনা কৰি আজি সাংবাদিকৰ আগত কয় যে দলটোত লুৰীণজ্যোতি গগৈয়ে নিজে সভাপতি হৈছে, তেওঁকটো কোনো নিৰ্বাচন কৰা নাই। তেওঁ আছু এৰি দিয়া দিনাখন সিদ্ধান্ত লৈছিল যে দলৰ সভাপতি হ’ব। দলটোৰ গঠন হ’বৰ বাবে তেওঁলোকে সংবাদ মেল দিছিল। গোটেই খিনি কামটো লুৰীণজ্যোতিয়ে নিজে কৰা গতিকে ‘লুৰীণজ্যোতিয়ে নিজেই বিয়া পাতিছে, নিজেই দৰা-কইনা হৈছে, নিজেই কইনা লৈ ঘৰলৈ গৈছে।’

You might also like