নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু-মুছলমান সকলোৰে এটাই শ্লোগান এইবাৰ মোদী চৰকাৰ : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ অন্তিম দিনা ৯নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত লাহৰীঘাট সমষ্টিত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ উপস্থিতিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লাহৰীঘাটৰ তিনিচুকীয়াস্থিত ৰাজীৱ গান্ধী খেলপথাৰত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মঞ্চত আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে নাচিবলৈ ধৰোঁতা উপস্থিত হাজাৰ হাজাৰ সংখ্যালঘু পুৰুষ মহিলাই মুখ্যমন্ত্ৰীৰ সমানে সমানে নাচিবলৈ ধৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত হিন্দীত কয় যে ভাৰতবৰ্ষই আজি চাব লাহৰীঘাটত আজিৰ সভাত প্ৰায় ৫০ হাজাৰ মুছলমান লোক উপস্থিত হৈছে। বৰ্তমান সময়ত হিন্দু আৰু মুছলমানৰ এটাই শ্লোগান আকৌ এইবাৰ মোদী চৰকাৰ। কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয় যে বিগত ৭৫ বছৰত কংগ্ৰেছে দুখীয়া-গৰীবৰ কাৰণে একো নকৰিলে। কংগ্ৰেছৰ কটা হাতৰ কাম নাই, তলা চাবিৰ দাম নাই বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈ হৈছে ইংলিচ মানুহ। আমি ৰাতিপুৱা নাস্তা কৰোঁ, কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে ব্ৰেকফাষ্ট কৰে। ৰাতি আমি ভাত খাওঁ, কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে ডীনাৰ কৰে। প্ৰদ্যুৎ বৰদলৈৰ ঘৰত কোনেও যাব নোৱাৰে। বৰদলৈৰ ঘৰ কত আৰু কেইটা সন্তান আছে কোনেও নাজানে। গতিকে আপোনালোকে প্ৰদ্যুৎ বৰদলৈক ভোট দি কিবা লাভ আছে নেকি। বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা সহজ সৰল মানুহ। সুৰেশ বৰা দুখীয়া গৰীৱৰ ঘৰত আহিব, নিমন্ত্ৰণ খাব। সুৰেশ বৰাৰ ঘৰ নগাঁৱত সকলোৱে চিনি পায়। সকলোৱে পদুমৰ চিহ্নত ভোট দি আমাক মৰম দিব। বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম বিজেপিয়ে কৰিব। চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হব। দুখীয়া গৰীৱক মাটিৰ পট্টা বিজেপিয়ে দিব পাৰিব। আজি কালি চাকৰিৰ নামত ঘোচ দিব নালাগে। এই বছৰ আৰু ৫০ হাজাৰ চাকৰি দিয়া হব আৰু এই চাকৰি পাব ৰিক্সাৱালা, ঠেলাৱালা, গৰীৱ দুখীয়াৰ সন্তানে পাব এই চাকৰি। কংগ্ৰেছৰ দিনত অংগনবাদীৰ চাকৰিকে ধৰি সকলো ধৰণৰ চাকৰি পাবলৈ ঘোচ দিব লাগিছিল। দালালে যদি চাকৰিৰ নামত পইচা লৈছে গম পালে, সেই দালালক মুখ্যমন্ত্ৰীৰ ঘৰত সোমাই থোৱা হব। ৰেচন কাৰ্ড থকা সকলোৱে ৰেচন কাৰ্ড পাব। মোদীৰ গেৰাণ্টী আৰু মামাৰ ৱাৰেন্টী বুলি সভাত মুখ্যমন্ত্ৰীয়ে বহু প্ৰতিশ্ৰুতি দিয়ে। মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰা হব। ধিঙৰ পৰা ভূৰাগাঁৱলৈ অসম মালাৰ অধীনত চাৰিমাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হব। কলেজত ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া এডমিশ্বনৰ ব্যৱস্থা কৰা হব। উচ্চতৰ মাধ্যমিকত এডমিশ্বন লোৱা ছোৱালীক একাউণ্ট যোগে ১০০০০ টকা, ডিগ্ৰীত ১২৫০০ টকা আৰু ইউনিভাৰ্ছিটিত পঢ়া ছোৱালীৰ একাউন্টত ২৫০০০ টকা দিয়া হব। লাহৰীঘাট উন্নত ধৰণৰ কলেজ নাই। শীঘ্ৰে লাহৰীঘাটত এখন বিজ্ঞান কলেজ আজিয়ে দিয়া হল মূখ্যমন্ত্ৰীয়ে ভাষণত প্ৰকাশ কৰে। দুখীয়া গৰীৱক মাটিৰ পট্টা দিয়া হব। এইবিলাক কাম আছিফ নাজাৰ, আমিনুল আৰু প্ৰদ্যুৎ বৰদলৈয়ে কৰিব নোৱাৰে। ভাষণৰ মাজতেই হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ পৰা বিজেপিক ভোট দিব বুলি প্ৰতিশ্ৰুতি লয় মুখ্যমন্ত্ৰীয়ে। সভাত সুৰেশ বৰাক কাষত লৈ সভাত উপস্থিত প্ৰায় ২৫ হাজাৰ সংখ্যালঘু পুৰুষ-মহিলাক বিজেপিক ভোট দিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই আহ্বান জনায়। সভাত সংখ্যালঘু লোকৰ অভূতপূৰ্ব সঁহাৰিত মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে তিনিবাৰ নাচিলে। মুখ্যমন্ত্ৰীৰ লগত সংখ্যালঘু পুৰুষ মহিলাও নাচিলে।

প্ৰেৰক আবুল কালাম

You might also like