নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত চিকিৎসক

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত কালি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী উদীয়মান চিকিৎসক নিহত হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলং। ঘটনাৰ বিৱৰণী মতে, ডংকামোকামৰ উদীয়মান চিকিৎসক ডাঃ ক্লীফ পাটৰে তেওঁৰ দুজন সহযোগী ক্ৰমে ডাঃ মুক্ৰাং তেৰাং আৰু চতুৰ্থবৰ্গৰ এডৱাৰ্ড বেʼৰ সৈতে নিজা ছুইফ্ট বাহনেৰে উমপেনাইৰ পৰা ডংকামোকাম অভিমুখে আহি আছিল। চিকিৎসকজনৰ গাড়ীখন দুৰ্গম পাহাৰৰ মাজেৰে আহি থকা অৱস্থাতে নিশা প্ৰায় ১১.৩০ বজাত লং-এ-লুবুই নামৰ ঠাইত বাহনখন দুৰ্ঘটনাত পতিত হৈ পাহাৰৰ পৰা প্ৰায় ১০০ মিটাৰ তলত পৰে। এই ভয়াৱহ দুৰ্ঘটনাৰ ফলত চিকিৎসকগৰাকীৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ উপৰি তেওঁৰ সহযোগী ডাঃ মুক্ৰাং তেৰাং আৰু চতুৰ্থবৰ্গৰ এডৱাৰ্ড বেʼই গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে অকালতে মৃত্যুবৰণ কৰা ডাঃ ক্লীফ পাটৰে বৈঠালাংছʼ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভাৰপ্ৰাপ্ত চিকিৎসক হিচাপে কৰ্মৰত আছিল। ইফালে চিকিৎসকগৰাকীৰ আকস্মিক মৃত্যুত শোকত ম্ৰিয়মাণ হৈ পৰিছে চিকিৎসালয়খনৰ চিকিৎসক, কৰ্মচাৰীসকল। উল্লেখযোগ্য যে চিকিৎসক ডাঃ ক্লীফ পাটৰৰ মৃতদেহ বিয়লি ডংকামোকামৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছত তেওঁৰ আত্মীয় স্বজন তথা অগণন গুণমুগ্ধ ই আহি তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like