কাইলৈৰ পৰা বর্ষাপাৰাত ঐতিহাসিক টেষ্ট মেচ, শুভাৰম্ভৰ বাবে সর্থেবাৰীৰ পৰা অনা হৈছে ৩৫ কেজিৰ কাঁহৰ বেল
নিউজ ডেস্ক, ২১ নৱেম্বৰ : মাজত মাথোঁ কেইটামান ক্ষণ ৷ শনিবাৰে পুৱা ৮.৩০ বজাৰ লগে লগে টেষ্ট মানচিত্রত অন্তর্ভুক্ত হ’ব গুৱাহাটীৰ নাম৷ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজত আৰম্ভ হ’ব ঐতিহাসিক টেষ্ট মেচ৷ দুয়োখন দেশৰ মাজৰ দুখনীয়া টেষ্ট মেচৰ শৃংখলাৰ বর্ষাপাৰাত হ’বলগীয়া দ্বিতীয় তথা অন্তিমখন টেষ্ট মেচক লৈ কালি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু অসম ক্রিকেট সন্থাৰ এখন যুটীয়া সংবাদ মেল অনুষ্ঠিত হয়৷
সংবাদ মেলখন সম্বোধন কৰি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে অসম আৰু নর্থ–ইষ্টৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ৷ ২০১৯ চনৰ পৰাই আমি বর্ষাপাৰাত টেষ্ট মেচ আয়োজন কৰাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক অনুৰোধ কৰি আহিছিলোঁ৷ অৱশেষত আমি টেষ্ট মেচ আয়োজনৰ সুযোগ লাভ কৰোঁ৷ ইয়াৰ বাবে অসম ক্রিকেট সন্থাৰ হৈ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনায় ব’ৰ্ডৰ সচিবগৰাকীয়ে৷ এই টেষ্ট মেচখনে আহি থকা সময়ত ক্রিকেট প্রতিভাক উৎসাহ যোগাব বুলি ব্যক্ত কৰি দেৱজিৎ শইকীয়াই লগতে কয় যে ২০০৭ চনৰ পৰাই বেল বজাই টেষ্ট আৰম্ভ কৰাৰ পৰম্পৰা চলি আহিছে৷ গুৱাহাটীতো এই পৰম্পৰা অব্যাহত থাকিব৷ গুৱাহাটীত বজাবলগীয়া বেলটো সর্থেবাৰীৰ পৰা অনা হৈছে আৰু এই কাঁহৰ বেলটোৰ ওজন হ’ল ৩৫ কেজি৷ টেষ্টখনৰ এতিয়ালৈকে দুদিনৰ টিকট খোলা দিয়া হৈছে আৰু টিকট বিক্রী আশাব্যঞ্জক বুলি উল্লেখ কৰি ব’ৰ্ডৰ সচিবগৰাকীয়ে দেওবাৰে ষ্টেডিয়াম ভৰি পৰিব বুলি আশা ব্যক্ত কৰে৷
টেষ্টখন উপভোগ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আমন্ত্রণ জনাব আৰু মুখ্যমন্ত্রীগৰাকীয়ে উক্ত আমন্ত্রণ গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰি দেৱজিৎ শইকীয়াই কয় যে মেচখন পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব৷ দৰাচলতে টেষ্ট মেচ ৯.৩০ বজাৰ পৰা আৰম্ভ হয় যদিও আমাৰ ইয়াত সূর্য সোনকালে উদয় আৰু অস্ত যোৱাৰ প্রতি লক্ষ্য ৰাখি টেষ্টখন পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৪ বজাত সমাপ্ত হ’ব৷ টেষ্টখনত এটা ব্যতিক্রম দৃশ্য দেখিবলৈ পোৱা যাব বুলি ব’ৰ্ডৰ সচিবগৰাকীয়ে কয়৷
মধ্যাহ্ণ ভোজনৰ বিৰতিৰ পূর্বে চাহ বিৰতি লোৱা হ’ব বুলি উল্লেখ কৰি দেৱজিৎ শইকীয়াই আৰু কয় যে টেষ্টখনৰ বাবে পুৱা ৭ বজাৰ পৰা গেটসমূহ খোলা হ’ব৷ ইপিনে, ভাৰতীয় দলটোৰ অধিনায়ক শুভমন গিল সন্দর্ভত তেওঁ কয় যে গিল এতিয়াও চিকিৎসকৰ নিৰীক্ষণত আছে৷ টেষ্টখন আৰম্ভ হ’বলৈ এতিয়াও ৪৮ ঘণ্টা আছে৷ গতিকে তেওঁৰ অংশগ্রহণ সন্দর্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷
ইপিনে, বর্ষাপাৰাৰ উইকেট সন্দর্ভত দেৱজিৎ শইকীয়াই কয় যে যিহেতু এতিয়া আমাৰ হাতত নাই, সেয়ে উইকেট সম্পর্কে এতিয়া আমি ক’ব নোৱাৰিম৷ সংবাদ মেলখনত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াৰ লগতে অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসো উপস্থিত আছিল৷