জঘন্য ঘটনা : প্ৰতিৱেশীৰ কামনাৰ বলি পিতৃ-মাতৃহীনা নাবালিকা
হাইলাকান্দিত সংঘটিত হৈছে এক জঘন্য ঘটনা। প্ৰতিৱেশীৰ কামনাৰ বলি হল পিতৃ-মাতৃহীন এগৰাকী নাবালিকা। লম্পট প্ৰতিৱেশী বৃদ্ধজনক গ্ৰেপ্তাৰ কৰা হৈছে। পাষণ্ডটোৰ নাম সমীৰণ নাথ (৬০)। হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। লম্পট সমীৰণৰ বিৰুদ্ধে POCSO আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু।
কামনাৰ বলি হোৱা নাবালিকাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। এই ১৬ বছৰীয়া কিশোৰীগৰাকী বৰ্তমান অন্তঃসত্ত্বা বুলি আৰক্ষীয়ে জনাইছে।
ইপিনে, লম্পট প্ৰতিৱেশী বৃদ্ধ সমীৰণক আদালতত হাজিৰ কৰোৱা হয়। দুই দিনৰ আৰক্ষী জিম্মাত আছে।
ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ