নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত পুনৰ জেন-জিৰ বিক্ষোভ, নির্বাচনী তৎপৰতাৰ বিৰুদ্ধে উত্তাল প্রতিবাদ

নিউজ ডেস্ক, ২১ নৱেম্বৰ : নেপালত যুৱপ্রজন্মৰ অসন্তুষ্টিৰ সন্মুখত দেশখনৰ সামগ্রিক ৰাজনৈতিক প্রেক্ষাপট সলনি হোৱাৰ মাহদিয়েক পিছতেই পুনৰ বিক্ষোভত উত্তাল হৈ পৰিছে দেশখন৷ দেশখনৰ বিধ্বস্ত ৰাজনৈতিক পৰিস্থিতিৰ শাম কটাৰ বাবে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই দেশখনৰ প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অ’লি নেতৃত্বাধীন কমিউনিষ্ট পার্টী অৱ নেপালে (ইউএমএল) নির্বাচনী তৎপৰতা আৰম্ভ কৰাত ক্ষুব্ধ হৈ পৰে জেন–জি হিচাপে পৰিচিত নৱপ্রজন্ম৷

যোৱা ছেপ্টেম্বৰ মাহত দেশখনৰ জেন–জিয়ে সংঘটিত কৰা ধ্বংসাত্মক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত নেপালৰ ক্ষমতা হেৰুৱাবলগীয়া হোৱা কে পি শর্মা অ’লিৰ দলটোৱে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই নির্বাচনী তৎপৰতা আৰম্ভ কৰাত কালি দেশখনত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিস্থিতি ইমানেই অগ্ণিগর্ভ হৈ উঠে যে দেশখনৰ কোনো কোনো ঠাইত সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় প্রশাসনে৷ দিনৰ ১১ বজাত চিমাৰা চ’কত প্রতিবাদকাৰীসকল সমৱেত হোৱাত আৰক্ষীয়ে তেওঁলোকক বলপূর্বক তাৰ পৰা আঁতৰাই পঠিয়ায়৷ চিমাৰা বিমানবন্দৰৰ ওচৰতো ইউএমএল দলৰ কর্মীসকলৰ সৈতে জেন–জিৰ সংঘর্ষ হয়৷

দলীয় কার্যসূচীত অংশগ্রহণৰ বাবে কাঠমাণ্ডুৰ পৰা চিমাৰাত অ’লিৰ দলৰ দুই নেতা মহেশ বছনেত আৰু শংকৰ পোখাৰেল উপস্থিত হোৱাত খবৰটি সামাজিক মাধ্যমযোগে বিয়পি পৰাত জেন–জিৰ জিলা সমন্বয়ক সম্রাট উপাধ্যায়েই প্রতিবাদী কার্যসূচী আহ্বান জনায়৷ তাৰ পিছতেই ইউএমএল নেতা–কর্মীৰ সৈতে সংঘর্ষৰ সূত্রপাত হয় জেন–জিৰ৷ এই সংঘর্ষত ৬জন জেন–জি বিক্ষোভকাৰী আহত হয়৷ বিক্ষোভকাৰীসকলে ৬জন ইউএমএল কর্মীৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে৷ কিন্তু আৰক্ষীয়ে কাকো গ্রেপ্তাৰ নকৰাৰ প্রতিবাদত প্রতিবাদকাৰীসকল পুনৰ ক্ষুব্ধ হৈ পৰে৷ তাৰ ফলত চিমাৰা বিমানবন্দৰত বিমানৰ চলাচলো বন্ধ ৰাখিবলগীয়া হয়৷

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহত বিদ্রোহৰ পিছত অ’লি চৰকাৰৰ পতন হোৱাত অন্তর্ৱর্তী চৰকাৰে কার্যভাৰ গ্রহণ কৰে আৰু তাৰ মাজতেই অহা ৫ মার্চত দেশখনত নির্বাচনৰ দিন ঘোষণা কৰা হয়৷ এইবাবেই অন্যান্য ৰাজনৈতিক দলৰ লগতে অ’লিৰ দলেও নির্বাচন তৎপৰতা আৰম্ভ কৰে৷ তাকে লৈ এই বিক্ষোভ৷ নির্বাচনৰ দিন ঘোষণা কৰাত অন্যান্য দলসমূহৰ লগতে স্বাভাৱিকতে কমিউনিষ্ট পার্টী অৱ নেপালেও নির্বাচনী তৎপৰতা আৰম্ভ কৰে যদিও তাকে লৈ জেন–জিৰ অসন্তুষ্টিয়ে দেশখনত পুনৰ এক অশান্তিময় পৰিস্থিতিৰ সৃষ্টি কৰে৷

You might also like