নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত পুনৰ মৃতদেহ উদ্ধাৰ : চাৰি মৃতকৰ পৰিয়াললৈ সাহায্য ঘোষণা প্ৰশাসনৰ

নিয়মীয়া বার্তা, ২২ জুন:- হোজাই জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত জিলাখনৰ দ্বিতীয় বানত মৃত্যু হোৱা চাৰিজনৰ পৰিয়াললৈ আৰ্থিক সাহায্যৰ ঘোষণা কৰে । ইফালে আজি হোজাইত পুনৰ বানত নিখোজ এজনৰ মৃতদেহ উদ্ধাৰ হয় । উদ্ধাৰ হোৱা মৃতদেহটো অজয় দাস বুলি চিনাক্ত কৰা হয় । যমুনামুখৰ বলিৰাম পথাৰ গাৱৰ পৰা যোৱা ১৯ জুনত নিখোজ হৈ আছিল । বানৰ সময়ত নিখোজ হোৱা ৪৬ বছৰীয়া লোকজনৰ মৃতদেহ আজি যমুনামুখৰ পতিয়া পামত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালৰ লোকক গতাই দিয়ে । ইফালে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা বানত মৃত্যু হোৱা চাৰিজনৰ পৰিয়াললৈ চাৰিলাখ টকাৰ এককালীন সাহায্যৰ ঘোষণা কৰা হয় । সেইকেইজন হল ক্ৰমে চেলিমা বেগম,অজয় দাস,চিৰাজুল ইছলাম আৰু আনোৱাৰা বেগম ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like