নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা, ২২ জুন: ধুবুৰী জিলাৰ অভিভাৱক তথা অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী  ৰঞ্জিত  কুমাৰ দাসে আজি ধুবুৰীত জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয়। ধুবুৰীৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সেই বৈঠকখনত বান পৰিস্থিতি নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়। সেই বৈঠকখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডঃ জে. বি. এক্কা আৰু ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । আজি দুপৰীয়াৰ ফালে মন্ত্ৰীগৰাকীয়ে চহৰখনৰ ১নং ৱাৰ্ডৰ ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত থকা আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰি আৰু তাত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰি লগতে তেওঁলোকৰ খা-খবৰ লয়। তেখেতৰ পৰিদৰ্শন কালত শিৱিৰটোত থকা শিশুসকলক অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাই পাঠদান কৰি থকাৰ দৃশ্যই মন্ত্ৰীগৰাকীক আপ্লুত কৰি তোলাও প্ৰত্যক্ষ হয়। তেখেতে শিবিৰটোৰ সেই থকা কণ কণ শিশুসকলৰ পৰা একেবাৰে বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে যাতে খোৱা পানী, খাদ্য সামগ্ৰী আদি বান সাহায্য সঠিক ভাৱে প্ৰদান কৰা হয় তালৈ চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। মন্ত্ৰীৰ এই শিৱিৰ পৰিদৰ্শন কালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড° জে. বি. এক্কা, জিলা উপায়ুক্ত অন্বামুথন এম. পি., বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্যাল প্ৰমুখ্যে ধুবুৰী জিলা প্ৰশাসনৰ অইন কেইবাগৰাকী আমোলা–বিষয়াই সংগ দিয়ে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰীৰ আৱৰ্ত ভৱনত বিজেপিৰ স্থানীয় কাৰ্যকৰ্তা সকলৰ সৈতে এখন সাংগঠনিক বৈঠকত মিলিত হয়। উক্ত বৈঠকত সৈতে ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্যাল প্ৰমুখ্য কৰি দলটোৰ অন্যান্য বিষয়ববীয়া আৰু মণ্ডল সভাপতিসকল উপস্থিত আছিল ৷

You might also like