নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুন নাও দুৰ্ঘটনাত নিখোজ হোৱা কিৰণ থাপাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২২জুনঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নদীৰ সৰ্বোদয় ঘাটত মৃতদেহ উদ্ধাৰ। যোৱা সোমাবাৰে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দিহিং নৈৰ অসম অৰুণাচল সংযোগী জাগুন ঘাটত এক শোকাবহ নাও দুৰ্ঘটনাত নদীৰ বুকুত নিখুজ হোৱা কিৰণ থাপাৰ মৃতদেহ বুলি চিনাক্ত কৰা হয়। ইতিমধ্যে বুঢ়ীদিহিং নদীৰ সৰ্বোদয় ঘাটত লেখাপানী আৰক্ষী লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। উল্লেখ যে এই নাও দুৰ্ঘটনাৰ পাছতেই স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অঞ্চলটোৰ ৰাইজে অসম অৰুণাচল সংযোগী জাগুন ঘাটত এখন দলং নিৰ্মাণৰ দাবী জনোৱাৰ লগতে কিৰণ থাপাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছিল। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ১৬ জুন তাৰিখে No-MRJ. 1/2012/Pt/ নম্বৰৰ এখন জাননী জৰিয়তে সমগ্ৰ মহকুমাতোত সকলধৰণৰ হাত নাও তথা যন্ত্ৰচালিত নাও চলাচল বন্ধ কৰিছিল । কিন্তু ইয়াৰ পাছতো মহকুমাটোৰ বিভিন্ন প্ৰান্তত নাও চলাচল অব্যাহত থকাত যোৱা সোমাবাৰে ফেৰি নাওখনত আই টেন গাড়ী এখন উঠাব লওতেই কিৰণ থাপা সহ গাড়ীখন বুঢ়ীদিহিং নৈত পৰি শোকাবহ ভাবে প্ৰাণ হেৰুৱাব লগাত পৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে উক্ত দুৰ্ঘটনা সংঘটিত হোৱা ফেৰি নাও খনৰ মালিক পক্ষৰ বিৰুদ্ধে এই পৰ্য্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে ৰাইজ ক্ষুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসনৰ চূৰান্ত উদাসীনাতৰ বাবে কিৰণ থাপাই প্ৰাণ হেৰুৱাব লগা হ’ল বুলি সৰ্বতেচৰ্চা হোৱাৰ লগতে অবৈধ নাও মালিক পক্ষ্যৰ সৈতে প্ৰশাসন ,আৰক্ষী তথা অভ্যন্তৰ জল পৰিবহণ বিভাগৰ গোপন বুজি বুজি আছে নেকি প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্য্যয়াৰ তদন্তৰো দাবী উত্থাপন হৈছে।

You might also like