নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ ডিমাছা ভৱন উন্মোচন : ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত দুটা হোষ্টেলৰ শিলান্যাস

নিয়মীয়া বার্তা, ১১ মে’:হোজাইত অধ্যয়ন কৰা ডিমাছা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে আজি হোজাইত ডিমাছা ভৱন তথা ছাত্ৰী নিবাস উদ্বোধন কৰাৰ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ বাবে দুটা পৃথক নিবাসৰ শিলান্যাস স্থাপন কৰা হয়। উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী দেৱলাল গাৰ্লোচাই প্ৰথমে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হয় আৰু বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে। সভাৰ পিছতেই বিশ্ববিদ্যালয় চৌহদত ছাত্ৰী নিৱাস আৰু ছাত্ৰ নিৱাসৰ শিলান্যাস স্থাপন কৰে। অনুষ্ঠানত তেওঁক সংগ দিয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অমলেন্দু চক্ৰবৰ্তী, উত্তৰ কাছাৰ স্বায়ত্বসাশিত পৰিষদৰ অধক্ষ্যা ৰানু লাংথাছা, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই পৌৰ সভাৰ অধক্ষ্যা চতুৰ্থী ৰানী বিশ্বাস আদিয়ে। পৰিষদৰ আৰ্থিক সাহায্যত বিশ্ববিদ্যালয়ত নিৰ্মান হ’ব লগীয়া হোষ্টেল দুটা ক্ৰমে স্বাধীনতা সংগ্ৰামী শমভুধন ফংলোছা আৰু ৰাজকুমাৰী ডিশ্ৰুদী নামত ছাত্ৰ ছাত্ৰী নিবাসৰ নামৰে নামকৰণ কৰা হ’ব । এই অনুষ্ঠানৰ পিছত হোজাইৰ গোলাঘাটীয়া বস্তিত নিৰ্মিত ডিমাছা ভৱন তথা ছাত্ৰী নিবাসৰ উদ্ধোধনী অনুষ্টানত পৰিষদৰ প্ৰধান জনে অংশগ্ৰহণ কৰে। এই ভৱনটো উদ্বোধন কৰি অনুষ্ঠিত হোৱা সভাত তেওঁ অংশগ্ৰহণ কৰে। সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ অধক্ষ্যা মমতা থাউচেনৰ অধক্ষতাত অনুষ্ঠিত হোৱা সভাৰ আদৰনী ভাষণ প্ৰদান কৰে বৰ্মন ডিমাছা উন্নয়ন পৰিষদৰ উপ-মূখ্য অধক্ষ্য প্ৰনিত গিৰিছা। সভাত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধক্ষ্যা ৰানু লাংথাছা, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, পৰিষদৰ কাৰ্য্যবাহী গলঞ্জয় থাউচেন, বিশ্বজিত ডাউলাগুফু, সদস্য নবজিত হোজাই তথা অনান্য সদস্য সকলৰ উপৰিও ডিমাছা সাহিত্য সভা, ডিমাছা ছাত্ৰ সন্থা তথা অনান্য লোকসকল উপস্থিত থাকে। অনুষ্ঠানত লংকাৰ ডিমাছা কৃষ্টিগত বাইডিমা নৃত্য আৰু পদ্মিনী ডাউলাগুফুৰ তত্বাবধানত গোৱা সমবেত গীতটিত উপস্থিত সকলোকে আপ্লুত কৰে ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like