নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ১৪ মে’ত ৰাষ্ট্ৰীয় লোক আদালতঃ ভিন্ন গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা

নিয়মীয়া বার্তা, ১১ মে:-ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যেগত হোজাই জিলাৰ শংকৰদেৱ নগৰত অহা ১৪ মেত “ৰাষ্ট্ৰীয় লোক আদালতৰ’ আয়োজন কৰা হৈছে। উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দূৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয় নিষ্পত্তিৰ ব্যৱস্হা কৰা হৈছে। ইয়াৰ উপৰি বেংকৰ লেনদেন, ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিজুলী মাছুল, আদালত সম্বন্ধীয় বিবাদ সমূহ নিস্পত্তিকৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰসমুহৰ আগতীয়া শুনানীকৰণৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে অহা ১৪ মে তাৰিখ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতত ৰাইজৰ সহযোগিতা কামনা কৰি এক প্ৰেছ বিবৃত্তি প্ৰকাশ কৰিছে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like