নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ১৩-১৪ মেত ৰঙালী বিহুঃ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবলীয়ে

নিয়মীয়া বার্তা, ১০ মে:- অহা ১৩ আৰু ১৪ মেত হোজাই বিষ্ণুপল্লীৰ গান্ধী বিদ্যাপীঠ প্ৰাংগণত ৰাঙলী বিহু সন্মিলন, হোজায়ে দ্বাবিংশতিতম বৰ্ষৰ ৰঙালী উৎসৱৰ আয়োজন কৰিছে । সন্মিলনৰ কাৰ্যসূচী অনুসৰি ১৩ মেৰ পুৱা পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, খেল-ধেমালি প্ৰতিযোগিতা, কুইজ আৰু সন্ধিয়া বিহু নাচ, স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান । দ্বিতীয় দিনা খেল-ধেমালি, আবৃত্তি, আকস্মিক বক্তৃতা আৰু ভেকচন প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী আৰু বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানৰত সংগীত শিল্পী জুৱলী বৰুৱাৰ উপৰিও বহাগী জনগোষ্ঠীৰ নৃত্যানুষ্ঠানৰ লগতে হাচনা মানা হে নামৰ কৌতুক গোষ্ঠীৰ অনুষ্ঠান পৰিবেশন কৰিব । এই বিহু সন্মিলনীয়ে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ডঃ ধৰণী লাহন আৰু ৰঞ্জন বৰা সম্পাদিত ৰঙালী নামৰ স্মৃতিগ্ৰন্থ এখন প্ৰকাশৰ দিহা কৰিছে । কিছুদিন এই সন্মিলনীয়ে এই বৰ্ষৰ বাবে ডঃ দিবাকৰ গোস্বামীক মুখ্য সভাপতি, ডঃ চাইদুল ইছলাম, তপন কৰক কাৰ্যকৰী সভাপতি আৰু পিন্টু দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ।

প্ৰেৰক : কিশলয় ডি গোস্বামী

You might also like