আজি ২ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : অশ্লেষা, যাত্রা : নাই
মেষ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কু–গ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷
বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনোধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷
মিথুন : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে। নিজৰ ভুলে ক্ষতি কৰিব৷ আনক উপদেশ দি নিজে সমস্যাত পৰিব৷ শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব৷
কর্কট : শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ আর্থিক অনাটন দূৰ হ’ব৷ পাবলৈ থকা ধন হাতলৈ আহিব৷
সিংহ : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ যান–বাহন দুর্ঘটনাত পতিত হ’ব পাৰে৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷
কন্যা : শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷
তুলা : শুভ ৰং বগা, শুভ সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি লোকৰ পৰা ক্ষতি হ’ব পাৰে৷ যুটীয়া ব্যৱসায়ত হাত নিদিব৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে।
বৃশ্চিক : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ আনে লোৱা টকা ঘূৰাই পাব৷
ধনু : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷
মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷
কুম্ভ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ অচিনাকি লোকে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷
মীন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷ হাতলৈ টকা আহিব৷ কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃ অসুস্থ হ’ব পাৰে৷ কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷