নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ছিজৌ’ৰ প্রসাৰ বিতৰণত মার্কিন সংস্থা

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ অসম সন্তান বিশাল পি চলিহাই পৰিচালনা কৰা আৰু চিত্রনাট্য লিখা, ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত চলচ্চিত্র নির্মাতা প্রিয়ম খেৰকটাৰী চলিহা আৰু ওম প্রকাশ খেৰকটাৰীয়ে প্রয়োজনা কৰা বডো চলচ্চিত্র ‘ছিজৌ’ক শেহতীয়াভাৱে আমেৰিকাৰ বিশ্বখ্যাত চলচ্চিত্র বিতৰণ আৰু প্রসাৰণ সংস্থা চিনেমই আৰু এপলৰ জৰিয়তে প্রচাৰ আৰু বিতৰণ কৰিব, যিটো ৰাজ্যখনৰ বাবেই এক ইতিবাচক খবৰ৷ উল্লেখ্য যে চিনেমইৰ দৰে এটা বিশ্বখ্যাত আৰু বৃহৎ সংস্থাৰ জৰিয়তে প্রচাৰ আৰু প্রসাৰৰ বাবে যোগ্যতা অর্জন কৰা ছিজৌ কেৱল অসম, উত্তৰ– পূর্বাঞ্চলেই নহয়, সমগ্র ভাৰতৰ ভিতৰতে প্রথমখন ছবি৷ এই কথা প্রকাশ কৰি ছবিখনৰ পৰিচালক তথা চিত্রনাট্য লিখক ভিশাল, পি চলিহাই এয়া খুবেই আনন্দৰ বার্তা, সমগ্র চলচ্চিত্র উদ্যোগটোৰ বাবেই এক সুখবৰ বুলি কয়৷ শেহতীয়াভাৱে ‘ছিজৌ’য়ে গ’ল্ডেন স্পেৰো ইণ্টাৰনেচনেল চলচ্চিত্র মহোৎসৱ–২০২১ত চাৰিটাকৈ আন্তঃৰাষ্ট্রীয় বঁটা বুটলিবলৈ সক্ষম হৈছে৷ ছবিখনে ভাৰতীয় ফিচাৰ ফিল্ম কেটেগৰীত বিচাৰকৰ বিশেষ ছবি বঁটা লাভ কৰাৰ উপৰি পৰিচালক চলিহাই শ্রেষ্ঠ পৰিচালক বঁটা, শ্রেষ্ঠ নতুন ছবি নির্মাতা বঁটা আৰু ভাৰতীয় ফিচাৰ ফিল্ম শিতানত শ্রেষ্ঠ স্ক্রীন প্লে লেখক বঁটা লাভ কৰে৷ এই চলচ্চিত্র মহোৎসৱত এনেদৰে চাৰিটাকৈ বঁটা আঁজুৰি অনা ‘ছিজৌ’ৱেই হ’ল উত্তৰ– পূর্বাঞ্চলৰ একমাত্র ছবি৷

You might also like