নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: দিনটোত আর্থিক সমস্যা থাকিব৷ কর্মক্ষেত্রতো সৰু সুৰা বাধা আহিব পাৰে৷ অৱশ্যে নিষ্ঠাৰে আগবাঢ়িলে বিপদত নপৰিব৷ কর্ম প্রকৃতিৰ পৰিৱর্তনৰ ওপৰত নজৰ ৰাখক৷
বৃষ: শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নৱান হওক৷ অযথা কামত মূল্যৱান সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তানসম্ভৱা মহিলাসকল সাৱধান থাকিব৷
মিথুন: আর্থিক দিশত বেছি বাধা নাপাব৷ ৰাজনীতিত কূট–কৌশল কার্যকৰী হ’ব পাৰে৷ নতুন বন্ধু লাভ৷ ব্যৱসায়ত শুভফল পাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷
কর্কট: আর্থিকত বাধা নাপাব৷ শাৰীৰিক দিশত জ্বৰ, কাহ পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ ফুৰা–চকাত সাৱধান থাকিব৷ প্রেমত বাধা৷
সিংহ: দিনটো বৰ উন্নত নহ’ব পাৰে৷ ঘৰুৱা কাৰণত মন বিক্ষিপ্ত থাকিব৷ পৰিৱেশ পৰিৱর্তনৰ যোগ৷ বিদ্যাত শুভ৷ সন্তানসম্ভৱা মহিলাসকলে চিকিৎসকৰ দ্বাৰা উপকৃত হ’ব৷
কন্যা: দৈহিক দিশত শুভফল পাব৷ আর্থিকতো কিছুৱে উপকৃত হ’ব৷ মানসিক চাপ থাকিব৷ নিষ্ঠাৰে কর্মত হাত দিয়ক, কৃতকার্য হ’ব৷ দাম্পত্য জীৱনত সহযোগ থাকিব৷
তুলা: আর্থিকত ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷ আনৰ কথা শুনি ঈপ্সিত কামত অৱহেলা নকৰিব৷
বৃশ্চিক: শৰীৰ সামান্য দুর্বল থাকিব৷ বিদ্যাত বিশেষ জটিলতা দেখা নাযায়৷ কিন্তু মনোযোগত দৃঢ় হ’ব লাগিব৷ ভ্রমণত বাধাপ্রাপ্ত হ’ব পাৰে৷ সৎ বন্ধু লাভ৷ প্রেমত আন্তৰিকতা৷
ধনু: মোটামুটিভাৱে দিনটো অনুকূল৷ ব্যৱসায়িক যোগাযোগত আশান্বিত হ’ব৷ নতুনত উৎসাহেৰে কর্মত মন দিলে সক্ষম হ’ব৷ প্রেমত মধ্যম৷ বিদ্যাত পাৰিপার্শ্বিক বাধা আঁতৰিব৷
মকৰ: প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ চাৰিচকীয়া বাহনৰ পৰা সাৱধান থাকিব৷ দাম্পত্য জীৱন গতানুগতিক৷ বহুদিনীয়া কল্পনাৰ কিছু যেন পূৰণৰ আশা দেখিব৷ ভ্রমণাদিত মধ্যম৷
কুম্ভ: আর্থিক দিশত আয় বৃদ্ধিৰ লগে লগে খৰচো বৃদ্ধি পাব৷ ঘৰুৱা পৰিৱেশত মন দিয়াৰ সম্পূর্ণ অৱকাশ নাপাব৷ কর্মক্ষেত্রত স্থিতি ঠিকেই থাকিব৷ দৈহিক দিশত সাৱধান থাকিব৷
মীন: শৰীৰ প্রায় ভালেই থাকিব৷ পঢ়া–শুনাত খুব বেয়া নহ’ব৷ ঘৰুৱাত মজলীয়া ফল পাব৷ আর্থিক সমস্যা সমাধানৰ কাৰক৷ কোনোবাৰ বিবাহৰ যোগ৷

You might also like