নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰত প্রধানমন্ত্রী মোদীৰ অনুৰাগী ৭ কোটি অতিক্রম

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ বিশ্বজুৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা অটুট আছে৷ মাইক্র’ ব্লগিং ছাইটত বিশ্বৰ সবাতোকৈ সক্রিয় আৰু অনুগামী থকা ৰাজনীতিকৰ শীর্ষস্থানত আছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মাইক্র’ ব্লগিং ছাইটত অতি সক্রিয় প্রধানমন্ত্রী মোদীৰ টুইটাৰত অনুৰাগীৰ সংখ্যা ৭ কোটি অতিক্রম কৰিছে৷

২০০৯ চনত টুইটাৰত অংশ লোৱা প্রধানমন্ত্রী মোদীয়ে ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা অৱস্থাতে এবছৰতে ১ লাখ অনুৰাগীৰ সংখ্যা অতিক্রম কৰিছিল৷ ছ’চিয়েল মিডিয়াত বিশ্বৰ সবাতোকৈ সক্রিয় ৰাজনীতিক হিচাপে স্বীকৃতি পোৱা প্রধানমন্ত্রী মোদীক অভিনন্দন জনাইছে কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে৷ প্রধানমন্ত্রী মোদীৰ পিছত বিশ্বৰ দ্বিতীয় সর্বাধিক অনুগামী তথা সক্রিয় ৰাজনীতিক হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ জ’ বাইডেন৷

ৰাষ্ট্রপতি বাইডেনৰ ব্যক্তিগত টুইটাৰ একাউণ্টত অনুগামী ৩০.৯ নিযুত আৰু ৰাষ্ট্রপতিৰ চৰকাৰী টুইটাৰ অনুগামী ১২.৮ নিযুত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ টুইটাৰত অনুগামীৰ সংখ্যা ২৬.৩ নিযুত আৰু কংগ্রেছ নেতা ৰাহুল গান্ধীৰ অনুগামীৰ সংখ্যা ১৯.৪ নিযুত৷

মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প টুইটাৰত অধিক সক্রিয় আছিল৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্রৰ কেপিটলত সংঘর্ষৰ পাছতেই টুইটাৰে তেওঁৰ একাউণ্টটো স্থায়ীভাৱে বাতিল কৰাৰ পিছত তেওঁ এই স্থানৰ পৰা চ্যুত হয়৷ তেওঁৰ সেই সময়ত অনুগামীৰ সংখ্যা আছিল ৮৮.৭ নিযুত, অর্থাৎ ৮.৮ কোটিৰো অধিক৷

You might also like