নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: মেষ ৰাশিৰ বিদ্যার্থীসকলে আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ যাত্রা কৰাৰ আগতে গোসাঁইঘৰত চাকি–বন্তি জ্বলাব৷ নীলা ৰঙৰ কাপোৰ নিপিন্ধিব৷ শুভ বর্ণ নীলা৷ শুভ সংখ্যা ২৷
বৃষ: কর্মক্ষেত্রত আশা কৰা মতে ফল পাব৷ যাত্রা কৰিব লগা থাকিলে পুৱা ১০ বজাৰ পিছত কৰক৷ ৰঙা কাপোৰ পিন্ধি যাত্রা কৰিলে যাত্রা সফল হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷
মিথুন: ছাত্র–ছাত্রীৰ বাবে উৎসাহজনক৷ শুভ কর্ম কৰিব৷ বগা কাপোৰ নিপিন্ধিব৷ যাত্রাত শুভ৷ পাৰিলে দান কৰিব৷ কর্মক্ষেত্রত উন্নতি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কর্কট: পাৰিবাৰিক শান্তিৰ বাবে তুলসীৰ তলত চাকি জ্বলাওক৷ ৰঙা বস্ত্র পৰিধান কৰক৷ ৰঙা বস্তু খাওক৷ পুৱা এঘাৰ বজাৰ পিছত যাত্রা আৰম্ভ কৰিব৷ সন্ধিয়া ছটাৰ পিছত যাত্রা নকৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
সিংহ: কর্মক্ষেত্রত অসুবিধা পাব৷ বিবাহৰ যোগ আছে৷ ধনস্থান মধ্যম৷ বিদ্যাত আশা কৰা মতে ফল পাব৷ সৰুসুৰা ভ্রমণ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যা: শুভ খবৰ পাব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে শুভ সময়৷ চাকৰিৰ স্থান পৰিৱর্তনৰ যোগ৷ আর্থিক দিশ শুভ৷ সন্তানৰ বিদ্যাত মধ্যম ফল৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷
তুলা: পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ যাত্রা নকৰাই ভাল৷ অতি দৰকাৰী হ’লে দুপৰীয়া বাৰ বজাৰ পিছতহে যাত্রা কৰক৷ ঘিউ ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
বৃশ্চিক: কর্মক্ষেত্রত শুভ ফল লাভ হ’ব৷ আপোনাৰ ব্যক্তিত্বৰ প্রতি দৃঢ় হওক৷ আপোনাৰ শুভ ৰং গুলপীয়া৷ গুলপীয়া কাপোৰ পিন্ধি যাত্রা কৰক, যাত্রা সফল হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷
ধনু: আপোনাৰ দক্ষতা আৰু সুনাম বাঢ়িব৷ আজি যাত্রা কৰিলে পুৱা দহ বজাৰ পিছত কৰক৷ বগা ৰুমাল আৰু বগা কাপোৰ ব্যৱহাৰ কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
মকৰ: আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ কৰিব৷ আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ জপ কৰি হাতত ৰঙা সূতা সাতপাক দি বান্ধি ল’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কুম্ভ: আজি আপুনি পৰাপক্ষত ভ্রমণ নকৰিব৷ শুভ কর্মত বাধা নাই৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ ৰঙা বস্তু নাখাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
মীন: বিদ্যার্থীসকলে শুভ ফল লাভ কৰিব৷ ভ্রমণৰ যোগ৷ যাত্রা কৰাৰ সময়ত ক’লা বস্ত্র নিপিন্ধিব৷ বগা বা গুলপীয়া ৰুমাল ব্যৱহাৰ কৰিব৷ প্রেমিক–প্রেমিকাৰ বাবে শুভ দিন৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

You might also like