নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডৰ সাংবাদিকক দুর্বৃত্তৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ:দুর্গোৎসৱৰ নৱমীৰ নিশাই বৰপেটাৰোড প্রেছ ক্লাবৰ উপ–সভাপতি তথা আছাম টকচৰ বৰপেটাৰোডৰ সাংবাদিক আব্দুল খালেক আহমেদক আক্রমণ কৰে৷ এই লৈ জিলাখনৰ সংবাদ ক্ষেত্রৰ লগতে বিভিন্ন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ সাংবাদিকগৰাকীয়ে এই সংক্রান্তত এজাহাৰ দাখিল কৰিছে আৰু তাত উল্লেখ কৰা মতে যোৱানিশা প্রায় ১১.৩০ বজাত উত্তৰ বৰপেটাৰোডৰ শান্তিপুৰৰ মুখ্য পথত দুটা পক্ষৰ কাজিয়া হৈছিল৷ সেই বাতৰি সংগ্রহৰ বাবে ঘটনাস্থলীত সাংবাদিক আব্দুল খালেক আহমেদ উপস্থিত হৈ ঘটনাটোৰ সংক্রান্তত ভিডি’ ল’বলৈ আৰম্ভ কৰে৷ অলপ পিছতে বিজেপি নেতা সুজিৎ সৰকাৰ (টেপা) আৰু স্বজল সৰকাৰ নামৰ যুৱকজন আহি ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়োজনৰ লগত থকা ৩০জনমান লোকে তেওঁক প্রহাৰ কৰে৷ কিংকর্তব্যবিমূূঢ় হৈ কোনোমতে তাৰ পৰা পলায়ন কৰি প্রাণ ৰক্ষা কৰে বুলি উল্লেখ কৰে৷ উল্লেখ্য যে সেই সময়ত ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী থানাৰ লোকো উপস্থিত আছিল বুলি জনা যায়৷ পিছত নিশাই বৰপেটাৰোড প্রেছ ক্লাবৰে এগৰাকী সদস্যই গাডীৰে আনি চকু–ভৰিত বেয়াকৈ আঘাত পোৱা আহমেদক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰায়৷ আজি বৰপেটাৰোড প্রেছ ক্লাবত এই লৈ অনুষ্ঠিত এখন সভাত এই কার্যৰ তীব্র প্রতিবাদ জনোৱা হয়৷ সভাই স্বয়ং আৰক্ষীৰ সন্মুখতে এনেদৰে সাংবাদিকক আক্রমণ কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ প্রশাসনৰ ওচৰত দাবী জনায়৷ আনহাতে, এই ঘটনাৰ ন্যায় আৰু দোষীক উচিত শাস্তি দিয়াৰ আবেদন কৰি আব্দুল খালেকে বৰপেটাৰোড থানাত আজি এখন এজাহাৰ দাখিল কৰে৷

সাংবাদিক, সদৌ অসম সাংবাদিক সন্থাৰ কার্যনির্বাহক আব্দুল খালেকক বিজেপিৰ পালিনেতাই পৰিকল্পিতভাৱে আক্রমণ কৰি আহত কৰা বুলি সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা তীব্র গৰিহণা দিয়াৰ লগতে এই আক্রমণৰ লগত জডিত দোষীক শী ঘ্রেই গ্রেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে৷ আজুৰ সভাপতি পঙ্কজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে এই ঘটনাত উদ্বিগ্ণতা প্রকাশ কৰি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে বিজেপি দলৰ এই সাংবাদিক আক্রমণকাৰী দুষৃকতিকাৰীক কঠোৰ সকীয়নি দিয়ে৷ জার্নেলিষ্ট ইউনিয়ন অৱ অসমৰ বৰপেটা জিলা সমিতিৰ সভাপতি ধনজিৎ কুমাৰ দাস আৰু সাধাৰণ সম্পাদক নৱজিৎ বায়নে ঘটনাৰ নিন্দা কৰি দোষীৰ অনতিপলমে শাস্তিৰ দাবী জনায়৷ উচিত তদন্তৰ বাবে বৰপেটা জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা উপায়ুক্তক স্মাৰক–পত্র প্রদান কৰি দোষীক শীঘ্রে কৰায়ত্ত নকৰিলে প্রয়োজনত গণতান্ত্রিক আন্দোলন কৰা হ’ব বুলি দোহাৰে৷ লগতে বৰপেটা প্রেছ ক্লাব, বাঘবৰ প্রেছ ক্লাব, ভৱানীপুৰ সমষ্টি প্রেছ ক্লাব, কলগাছিয়া প্রেছ ক্লাব, বৰপেটা জিলা বার্তাজীৱী সংঘ, বৰপেটা জিলা সাংবাদিক সন্থা, বজালী জিলা প্রেছ গীল্ডসহ আন কেইবাটাও সংগঠনে গৰিহণা দি দোষীক শীঘ্রেই কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে৷

You might also like