নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত কংগ্ৰেছ এৰি বিজেপিলৈ দুই শতাধিক

কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা বিধায়ক ডিম্বেশ্বৰ দাসৰ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: ৰাজ্যজুৰি শাৰদীয় দূৰ্গোৎসৱৰ উছাহৰ মাজতে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিত চলিছে ৰাজনৈতিক বতাহ। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত ৰাজনৈতিক দল সমূহৰ কুচকাৱাজ চলি থকা মাজতে আজি বিৰোধী কংগ্ৰেছ দলৰ প্ৰায় দুইশতাধিক তৃণমূল কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

বিধায়ক ডিম্বেশ্বৰ দাসৰ বাসগৃহত আজি আয়োজিত এক আদৰণি সভাত ৰহা নগৰ মণ্ডলৰ সভানেত্ৰী দীপাঞ্জু ডেকামেধিৰ উদ্যোগত শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰে। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে বিজেপি দলৰ বাহিৰে গত্যন্তৰ নাই বুলি মন্তব্য কৰে। তদুপৰি বিগত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন কালত স্বজন -তোষন যি প্ৰতিযোগিতা চলিছিল সেইবোৰ কেতিয়া বিজেপি চৰকাৰে হ’ব নিদিয়ে। কংগ্ৰেছৰ দুৰ্নীতিৰ-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া কেৱল অসমৰ জনসাধাৰণৰ হিতৰ বাবে গ্ৰহণ কৰিছে। তদুপৰি সকলো উন্নয়নমূলক আঁচনিতে চৰকাৰে অতি নিকা-স্বচ্চ ভাৱে আঁচনিসমূহ প্ৰদান কৰিছে। তদুপৰি কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক বৰ্ষতো বিজেপি দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

অন্যহাতে দেওবাৰে ফুলগুৰি ৰাইজমেল ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ বুথ কমিটিৰ এখন সভাত শতাধিক পুৰুষ-মহিলাই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। বিধায়ক দাসৰ লগতে  ৰহা গ্ৰাম্য মণ্ডলৰ সভাপতি চন্দ্ৰ দাস, আঞ্চলিক সদস্য প্ৰণৱজ্যোতি বৰকাকতি সহ বহুকেইজন বিষয়-ববীয়াৰ উপস্থিতিত শতাধিক তৃণমূল কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত বিজেপি অধিক শক্তিশালী হৈছে বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

You might also like