নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহ–হালধি সানিবলৈ সাজু দীপাংক কুমাৰ নাথ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: অৱশেষত পোহৰলৈ আহিল ছাত্রনেতা দীপাংক কুমাৰ নাথৰ আছু এবাৰৰ আকস্মিক সিদ্ধান্তৰ ৰহস্য৷ সুদীর্ঘ ৩০ বছৰ ধৰি আছুৰ মজিয়াত থাকি অসমৰ ৰাইজৰ হকে মাত মাতি অহা নাথে ছাত্র ৰাজনীতি এৰাৰ পাছত সাংসাৰিক জীৱনৰ পাতনি মেলিব৷ অহা ১৫ ডিচেম্বৰত গুৱাহাটী নিৱাসী তথা গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব নাথে৷ অসমৰ বহুচর্চিত এই বিবাহখনক লৈ এতিয়া উখল–মাখল হৈ পৰিছে গোৱালপাৰাৰ বাকাইটাৰীত থকা নাথৰ ঘৰখন৷

উল্লেখ্য যে আছুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কার্যালয়ত অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক আৰু প্রতিনিধি সভাত নাথে আছুৰ মজিয়াৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল৷ নাথে বিবাহৰ কাৰণেই যে আছুৰ মজিয়া এৰিবলগীয়া হ’ল সেয়া   স্পষ্টকৈ ঘোষণা কৰা নাছিল যদিও একান্ত ব্যক্তিগত কাৰণত পৰিয়ালৰ স্বার্থতহে আছুৰ পৰা অব্যাহতি ল’বলগীয়া হ’ল বুলি সদৰী কৰিছিল৷ অৱশ্যে প্রত্যক্ষভাৱে নক’লেও পৰিয়ালত বিবাহৰ কথাও চলি আছে বুলি তেওঁ উল্লেখ কৰিছিল৷ সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই  পোহৰলৈ আহিল আছুৰ পৰা অব্যাহতি লোৱাৰ কাৰণ৷ মাহ–হালধি সানি দৰাৰ সাজত ছাত্রনেতাৰ পৰা ১৫ ডিচেম্বৰত সাংসাৰিক বান্ধোনত আবদ্ধ হ’ব আছুৰ প্রাক্তন সভাপতি নাথ৷

You might also like