নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ হাতত লোৱা পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে৷ খং দমন কৰি চলক৷ শনি মন্দিৰত চাকি–ধূপ জ্বলাব৷
বৃষ ঃ সমাজসেৱামূলক কামত যোগদান কৰিলে মানসিক শান্তি পাব৷ প্রেমত শুভ যদিও বদনামৰ কাৰকতা আছে৷
মিথুন ঃ উন্নতিৰ সুযোগ আহিব পাৰে৷ শাৰীৰিক ক্ষেত্রত বেয়া নহয়৷ প্রেমত শুভ৷
কর্কট ঃ কাজ–কর্মত উৎসাহ বৃদ্ধি পাব৷ ভ্রমণৰ পৰিকল্পনা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ শুভ যদিও যত্ন কৰা দৰকাৰ৷
সিংহ ঃ দূৰ ভ্রমণ কৰিব পাৰে৷ সন্তানৰ বাবে চিন্তা৷ প্রেমত অশুভ৷ ভিক্ষাৰীক দান দিব৷
কন্যা ঃ ঘৰুৱা অশান্তি৷ পতি–পত্নীৰ মাজত মত বিৰোধ৷ মাতৃৰ বাবে চিন্তিত৷ প্রেমত অশুভ৷
তুলা ঃ শিক্ষার্থীৰ বাবে সুযোগ–সুবিধা আহিব৷ শাৰীৰিক দিশত, বিশেষকৈ খোৱা–বোৱাত অলপ সাৱধানে চলিব৷ প্রেমত সন্দেহ৷
বৃশ্চিক ঃ ব্যৱসায়ীসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ নিবনুৱাসকলৰ কর্ম লাভৰ যোগ৷
ধনু ঃ দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা৷ প্রেমত মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে৷
মকৰ ঃ নতুন কর্ম লাভ৷ মানসিক কষ্ট পাব৷ উদৰ পীড়া৷ প্রেমত অশুভ৷
কুম্ভ ঃ ব্যৱসায়ৰ ক্ষেত্রত শুভ৷ চাকৰিয়ালৰ অশান্তি হ’ব৷ বিদ্যার্থীসকলৰ শুভ৷ পাৰিলে ভ্রমণ নকৰাই ভাল৷
মীন ঃ সংসাৰত ব্যয় বৃদ্ধিৰ ফলত চিন্তা বাঢ়িব৷ ছাত্র–ছাত্রীৰ বাবে সমস্যা দেখা দিব৷ ব্যৱসায়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমত শুভ৷

You might also like