নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দল-এজেপিৰ জন্ম কংগ্ৰেছ-ইউডিএফৰ পৃষ্ঠপোষকতাঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুনকৈ জন্মলাভ কৰা অসম জাতীয় পরিষদ (এজেপি) আৰু ৰাইজৰ লৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজিত ছাত্র একতা সভা সমাৰোহত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এজেপি, ৰাইজৰ ফল কংগ্রেছ-এআইইউডিএফৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা বুলি মন্তব্য কৰে। এই প্ৰসংগতে তেওঁ কয়— ‘অসম গণ পৰিষদক বহুতে ৰাজ দৰা বুলি ভাবে। দলটোৰ জন্মৰ এক দীঘলীয়া ইতিহাস আছে। ৮৫৫ জন শহীদ হ’ল, বিভিন্নজনে ত্যাগ কৰিলে, তাৰ পাছত অসম গণ পৰিষদৰ জন্ম হ’ল। 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফ আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাত কেইটামান নতুন তথাকথিত ৰাজনৈতিক আঞ্চলিক দলৰ জন্ম হ’ল। কোনোবাই অগপৰ লেখীয়াকৈ এজেপি নাম ল’লে। আন কোনোবাই ৰাইজৰ দল নাম ল’লে। এই দলসমূহ এআইইউডিএফ আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাত জন্ম হৈছিল। ইয়াৰ বাস্তৱ ছবিখন দেখিবলৈ বেছিদিন নালাগিল। বিভিন্ন নিৰ্বাচনত কংগ্ৰেছৰ সৈতে এই দলসমূহে বুজাবুজিৰে নিৰ্বাচন খেলিলে। কিন্তু মোক আচৰিত কৰিলে অতি ভূঞাই। 2021ৰ নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক গণ মৰ্চা বুলি তেওঁ এটা দল খুলিছিল এতিয়া আকৌ ২০২৪ৰ সংসদীয় নির্বাচন আহিছে। অসম জাতীয় দল নামেৰে তেওঁ আন এটা নতুন দল খুলিছে। কিন্তু যেতিয়া ম‍ই দেখিলোঁ অসম জাতীয় দল মানে এখন বাকি, লগত তিনিজন মানুহ আৰু এখন প্রতীকবিহীন বেনাৰ। তেওঁ ইয়াৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িলে । তেওঁৰ দলৰ নাম জাতীয় দল নহয়, অজিত ভূঞা মাছ গ্রীহে হ’ব লাগিছিল।’

ইপিনে, সাংসদ অজিত ভূঞাই নতুনকৈ দল খোলাৰ ক্ষেত্ৰত কোনো আপত্তি নাই বুলি উল্লেখ কৰি তেওঁ এই বুলিও কয় যে ভূঞাই দল খুলিছে খোলক। অগপৰ ক’বলগীয়া একো নাই। কিন্তু দল গঠন কৰিয়েই অগণ-বিজেপিক গোৱাল গালি পাৰিবলৈ আৰম্ভ কৰিছে। ৰাজহুৱা দবাৰ দৰে অগপৰ পিঠিত এক কোব মাৰিলেহে তেওঁলোকে শাস্তি পায়।

আনহাতে, সমাৰোহত অসম গণ পৰিষদে বিগত সময়ত প্ৰত্যক্ষ কৰা উত্থান-পতন, জয় পৰাজয়ৰ বিভিন্ন কথা উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ পৰিষদৰ প্ৰতিজন কর্মীক লৈ তেওঁ সপোন দেখে। তেওঁৰ কন্যা আগবাঢ়ি যোৱাৰ যিধৰণৰ সপোন পিতৃ হিচাপে দেখে, সেই একেই সপোন ছাত্ৰ পৰিষদৰ সদস্যসকলক লৈও দেখে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে আন দলৰ ৰাজনৈতিক কৰ্মী আৰু অগপৰ ৰাজনৈতিক কৰ্মীৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ছাত্ৰ পৰিষদৰ শেহতীয়া যাত্রা সফলতাৰে আৰম্ভ হৈছে। অনাগত দিনত ইয়াৰ পৰিসৰ অধিক বৃদ্ধি পাব বুলি তেওঁ আশাবাদী। মন্ত্ৰী বৰাই এইখিনিতে কয় মই সেই দিনটোলৈ বাট চাই আছোঁ, যিটো দিনত গৰিষ্ঠসংখ্যক শিক্ষানুষ্ঠানত ছাত্ৰ পৰিষদৰ ধ্বজা উৰিব। মোৰ বিশ্বাস আপোনালোকে এই কাম নিশ্চয় কৰিব পাৰিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ধ্যান-ধাৰণা, চিন্তা-চৰ্চা সলনি হৈছে। আমি সদায় প্রগতিবাদ জাতীয়তাবাদৰ কথা কৈ আহিছোঁ। ৰাজ্যত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্মাবলম্বী লোক আছে। সকলোৰে মাজত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি ৰখাটো আমাৰ কৰ্তব্য। সময়ৰ লগত খোজ মিলাই আগুৱাই যোৱাটো আমাৰ দায়িত্ব। জয় পৰাজয়ৰ অভিজ্ঞতা আমাৰ হৈছে। বৰ্তমান সময়ত আমি নতুনকৈ চিন্তা কৰিবৰ হ’ল। এই নতুন চিন্তা নতুন চামৰ মাজৰ পৰাহে আহিব। যুৱ প্ৰজন্মৰ মস্তিষ্ক উৰ্বৰ হৈ আছে। এই উৰ্বৰ মস্তিষ্ক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। আমাক যেনেদৰে ভাল চিকিৎসক লাগে, ভাল শিক্ষক লাগে, ভাল বিজ্ঞানী লাগে, সেইদৰে আমাক ভাল ৰাজনৈতিক নেতাও লাগে। তেতিয়াহে ৰাইজে সুশাসন পাব আৰু এই ভাল ৰাজনৈতিক নেতাও আমাৰ মাজৰ পৰাই উলিয়াই আনিব লাগিব। আমাৰ দল ধর্মনিরপেক্ষ দল। আমাৰ চৰকাৰৰ দিনত কোনো সাম্প্রদায়িক সংঘর্ষ হোৱা নাই। আমি এটা সার্বজনীন দল । সকলো জাতি-জনগোষ্ঠীৰ ভাষা-ভাষী লোক আমাৰ পতাকাৰ তলত সংঘবদ্ধ হ’ব পাৰে। ৰাইজক আগুৱাই লৈ যোৱাটোৱে আমাৰ লক্ষ্য। আবেগসর্বস্ব রাজনীতিয়েই সকলো নহয়। বাস্তৱৰ লগত আমি খোজ মিলাই যাব লাগিব। যুক্তিৰ সৈতে আমি আগবাঢ়িব লাগিব। আমাৰ উদ্দেশ্য মহৎ। অসমত যেতিয়ালৈকে সমস্যা থাকিব, আমাৰ ৰাজ্যখনৰ স্বার্থজড়িত বিষয় থাকিব, তেতিয়ালৈ অগপ আৰু আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা থাকিব। আমাৰ দলটোৰ ভেটিও লাহে লাহে মজবুত হৈছে। আনহাতে, সফলতাৰ বাবে কোনো চুটি পথ নাই বুলি উল্লেখ কৰি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত ৰাজ্যখনক আগুৱাই নিবলৈ মুখ্যমন্ত্ৰী ডা হিমন্ত বিশ্ব‍ই কৰি অহা কঠোৰ পৰিশ্ৰমৰ বিষয়ে তেওঁ উল্লেখ কৰে। এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে কয় কঠোৰ পৰিশ্ৰমৰ মাজেৰে ড° হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে। তিনিটা দশকৰ তেওঁৰ যি ইতিহাস, সেয়া কঠোৰ পৰিশ্ৰমৰ ইতিহাস। কটন মহাবিদ্যালয়ৰ ছাত্ৰ অৱস্থাৰ পৰাই বিগত তিনি দশকজুৰি কৰা সংগ্ৰামৰ পাছত তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে। এই আসনত অধিষ্ঠিত হোৱাৰ পাছতো তেওঁ স্থবিৰ হোৱা নাই। পূৰ্বতকৈ বেছি কঠোৰ পৰিশ্ৰমেৰে আমাৰ ৰাজ্যখনক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। এটা বছৰত তেওঁ যিমান পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাক কাৰ্যকৰী কৰিছে আৰু যিমান কষ্ট কৰিছে মোৰ বিশ্বাস আমাৰ ৰাজ্যখন আগুৱাই যাব। মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ কষ্ট নকৰিলেও হ’লহেঁতেন। কিন্তু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ কষ্ট কৰিছে।

উল্লেখ্য যে দীঘলীপুখুৰী পাৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিগত সময়ত বিভিন্ন শিক্ষানুষ্ঠানৰ নিৰ্বাচনত বিজয়ী ছাত্র প্রতিনিধিসকলক সম্বৰ্ধনা আপনৰ লগতে ছাত্র একাতা সভা সমাৰোহ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱাকে ধৰি দলৰ শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে।

You might also like