নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডলৈ অসমৰ দুখন তৈলক্ষেত্ৰ

দল- সংগঠনৰ দাবীক উপেক্ষা কৰি পেট্ৰলিয়াম মন্ত্ৰালয়ৰ চুক্তি

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: খাৰুৱা তেলৰ ঘৰুৱা অন্বেষণ–উৎপাদন–নগদিকৰণ আৰু আমদানি হ্রাসৰ নামত অসমৰ দুখনকৈ তৈলক্ষেত্র হস্তান্তৰ কৰা হ’ল ব্যক্তিগত খণ্ডলৈ৷ বিগত এবছৰতকৈও অধিক কাল ধৰি বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ মাজতে যোৱা ৯ ছেপ্ঢেম্বৰত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয় আৰু ৱেদান্ত গ্রুপৰ তেল–গেছ অন্বেষণ আৰু উৎপাদনকাৰী সংস্থা ‘চেইৰন অইল এণ্ড গেছ’ৰ মাজত এই সম্পর্কীয় আনুষ্ঠানিক চুক্তি সম্পন্ন হয়৷ ইয়াৰ লগে লগে আছাম–আৰাকান ফ’ল্ড বেল্টৰ অন্তর্গত কৰিমগঞ্জ জিলাৰ পাথাৰিয়া আৰু কাছাৰ জিলাৰ টুকবাই তৈলক্ষেত্রৰ কর্তৃত্ব লাভ কৰিলে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোৱে৷

পৰৱর্তী ১০–১২ বছৰলৈ মুঠ ৫৯০.৮ বর্গকিঃমিঃ এলেকাজোৰা দুয়োখন তৈলক্ষেত্রত থকা ১০টা খাদত ‘চেইৰন অইল এণ্ড গেছ’–এ খাৰুৱা তেলৰ অন্বেষণ–উৎপাদন চলাব৷ ‘ডিছক’ভার্ড স্মল ফিল্ড (ডি এছ এফ) বিড ৰাউণ্ড–থ্রী’ৰ অধীনত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰে চুক্তি সম্পাদন হোৱাৰ পাছত এই কথা সদৰী কৰিছে খোদ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোৰ উপ–মুখ্য কার্যবাহী বিষয়া প্রাচুৰ শ্বাহে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰকৰী সন্তুষ্ট হোৱা বুলি জানিবলৈ দি প্রতিষ্ঠানটোৰ উপ–মুখ্য কার্যবাহী বিষয়াজনে কয় যে দুগুণলৈ উৎপাদন বৃদ্ধিত এই চুক্তিয়ে আমাক প্রেৰণা যোগাব৷ অহা ১০–২০ বছৰলৈ আমি ইয়াত খাৰুৱা তেলৰ উৎপাদন কৰাৰ আশা ৰাখিছোঁ৷

উল্লেখ্য যে পেট্র’লিয়াম মন্ত্রালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্র’কার্বনছৰ কার্যালয়ে ৩২টা অঞ্চলত অৱস্থিত ৭৫খন আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্র ব্যক্তিগতকৰণৰ উদ্দেশ্যে বিগত বর্ষৰ ১০ জুনত ‘নটিচ ইনভাইটিং অফাৰ’ (এন আই অ’) আৰু ‘মডেল ৰেভিনিউ শ্বিয়াৰিং কনট্রেক্ট’ (এম আৰ এছ চি) মুকলি কৰিছিল৷ ডি এছ এফ–থ্রীৰ অধীনত মুকলি কৰা এই এন আই অ’ আৰু এম আৰ এছ চি সন্দর্ভত একেটা বর্ষত ৩০ জুনত অনুষ্ঠিত হয় প্রি–বিড ভার্চুৱেল কনফাৰেঞ্চ৷ অৱশ্যে বিড দাখিল প্রক্রিয়া নির্দিষ্ট প’র্টেলযোগে আৰম্ভ কৰা হৈছিল যোৱা ২০ এপ্রিলৰ পৰাহে আৰু ইয়াৰ সামৰণি পৰে যোৱা ৩১ মে’ত৷ যি ৩২টা স্থানৰ ৭৫খন আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্রৰ বাবে বিড প্রক্রিয়া সম্পন্ন কৰা হয়, ইয়াৰে ১১টা স্থান ভূমি ভাগত থকাৰ বিপৰীতে ২০টা উপকূল দূৰৱর্তী অগভীৰ আৰু এটা স্থান গভীৰ জলস্তৰত অৱস্থিত৷ অৱশ্যে যোৱা ৯ ছেপ্ঢেম্বৰত বিড প্রক্রিয়া সম্পন্ন হোৱা ৭৫খন আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্রৰ ৩১খনৰহে চুক্তি সম্পন্ন হৈছে৷

লগতে একেদিনাই চাৰিটা ক’ল বেড মেথানে (চি বি এম) ব্লকক লৈও অনুৰূপ চুক্তি সম্পাদন কৰে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে৷ এই ৩১ আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্র আৰু চাৰিটা চি বি এম ব্লকৰ কর্তৃত্ব লাভ কৰিছে ১৪টা দেশীয় ব্যক্তিগত প্রতিষ্ঠানে৷ অসমৰ পাথাৰিয়া আৰু টুকবাইৰ লগতে ‘চেইৰন অইল এণ্ড গেছ’–এ আন ছখন আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্রৰো কর্তৃত্ব নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে৷ এই ছখনৰ ভিতৰত পাঁচখন উপকূল দূৰৱর্তী অগভীৰ স্থানত থকাৰ বিপৰীতে এখন মধ্যপ্রদেশৰ ভূমি ভাগত অৱস্থিত৷ লক্ষণীয়ভাৱে যি ৭৫খন আৱিষৃকত তৈলক্ষেত্রৰ বিড প্রক্রিয়া যোৱা ৩১ মে’ত সম্পন্ন হৈছে, তাত অসমৰ আন এখন তৈলক্ষেত্র সন্নিৱিষ্ট হৈ আছে৷ এই তৈলক্ষেত্রখন হ’ল ‘আছাম–ছেল্ফ বেল্ট’ৰ টিফুক৷ শিৱসাগৰ জিলাৰ অন্তর্গত ২১.৪ বর্গকিলোমিটাৰ আয়তনৰ টিফুক তৈলক্ষেত্রত আছে চাৰিটাকৈ খাদ৷ হয়তো পৰৱর্তী পর্যায়ত টিফুক তৈলক্ষেত্রও ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰিত হ’ব৷ তিনিওখন তৈলক্ষেত্রই ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান তেল আৰু প্রাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ দ্বাৰা আৱিষৃকত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে– ডি এছ এফ–থ্রীৰ অধীনত বিড প্রক্রিয়াত অংশগ্রহণ কৰি অ’ এন জি চিয়ে ইণ্ডিয়ান অইল কর্প’ৰেচনৰ সহযোগত দুটা আৰু নিজাববীয়াকৈ চাৰিটা মুঠ ৬টা তেল–চিবিএম ব্লকৰ কর্তৃত্ব লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে নিজে আৱিষ্কাৰ কৰা অসমৰ তিনিখন তৈলক্ষেত্রত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোৱে কিয় খাৰুৱা তেলৰ উৎপাদন কৰিবলৈ আগ্রহ প্রকাশ নকৰিলে, তাক লৈ এতিয়া প্রশ্ণ উত্থাপন হৈছে৷

ইফালে, ২০১৭ চনত ডি এছ এফ–ৱানৰ অধীনত ৬৭খন আৰু ২০১৮, ২০১৯ চনত মুঠ ৫৯খন দেশৰ বিভিন্ন স্থানত থকা তৈলক্ষেত্র বিডযোগে কেন্দ্রীয় চৰকাৰে হস্তান্তৰ কৰিছে৷ ২০১৯ চনৰ ডি এছ এফ–টু অধীনত সামৰি লোৱা ২৩খন তৈলক্ষেত্রৰ ভিতৰত অসমৰ মাধাকালি দিচৈজান টিফুক আৰু হাজাৰি গাঁও আৱিষৃকত ক্ষুদ্র তৈলক্ষেত্রকেইখন গতাই দিয়া হৈছিল ব্যক্তিগত খণ্ডক৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এই নীতিৰ অসমৰ বিভিন্ন দল–সংগঠনে আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছে যদিও কার্যতঃ কোনোধৰণৰ গুৰুত্ব লাভ কৰা নাই৷ দল–সংগঠনসমূহ দাবীক পুনৰ উপেক্ষা কৰি কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে দুখন তৈলক্ষেত্র গতাই দিলে ৱেদান্ত গ্রুপৰ অন্যতম প্রতিষ্ঠান ‘চেইৰন অইল ইণ্ড গেছ’ক৷ হয়তো অদূৰ ভৱিষ্যতে শিৱসাগৰ জিলাৰ ২১.৪ বর্গকিলোমিটাৰ এলেকাৰ টিফুক তৈলক্ষেত্রৰ ব্যক্তিগতকৰণেও আনুষ্ঠানিকতা লাভ কৰিব৷

You might also like