বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : নিশা দেৰগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন। তীব্ৰবেগী বাইক এখনে ডিভাইডাৰত খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী এজন।
গণৰাজ্য দিৱসৰ দিনাই নিশা দেৰগাঁও লাহতি চাৰিআলিৰ গেছ এজেঞ্চীৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনত সংঘটিত হয় এই দুৰ্ঘটনা। হেলমেট পৰিধান নকৰাকৈ তীব্ৰ বেগত বাইক চলাই আহি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰে স্থানীয় লোকে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় লোকজনৰ। পথত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
মৃতদেহটোৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত ছিটিকি পৰে R-1 yamaha মটৰ চাইকেলখন। ঘটনাস্থলীত নিশা দেৰগাঁও যান-বাহন আৰক্ষী উপস্থিত হয়। জানিব পৰা মতে দুৰ্ঘটনাত মৃত্যু হোৱা বাইক চালকজন বাদুলিপাৰৰ ৰূপম দাস। দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলখনৰ নম্বৰ As-05Q-2257।