নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল ভার্গৱত অবৈধ নিযুক্তিৰ অফিচ খুলিছিল পি কেই

চিআইডিৰ আইজিপি সুৰেন্দ্র কুমাৰৰ বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   গুৱাহাটীৰ লখৰাত থকা নিজৰ হোটেলত অবৈধ নিযুক্তিৰ অফিচ খুলিছিল অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তই৷ লখৰাৰ ভার্গৱ হোটেলত অফিচ খুলি পি কে দত্তই গোপনে ধনৰ বিনিময়ত এছ আই পদত নিযুক্তিৰ বজাৰ পাতিছিল৷ সোমবাৰে গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই বিস্ফোৰক তথ্য সদৰী কৰে অপৰাধ  অনুসন্ধান শাখাৰ (চি আই ডি) মহাপৰিদর্শক সুৰেন্দ্র কুমাৰে৷ সংবাদ মেলত মহাপৰিদর্শক কুমাৰে কয়– ‘পি কে দত্তৰ মালিকানাধীন হোটেলত বাহৰ পাতিছিল একাংশ প্রার্থীয়ে৷ হোটেলৰ এটা কোঠাত দুজনকৈ প্রার্থী থাকি ১৯ ছেপ্টেম্বৰত কৰিছিল পৰীক্ষাৰ অনুশীলন৷ ২০ ছেপ্টেম্বৰত পুৱাই হোটেলৰ পৰা প্রার্থীকেইজন ওলাই গৈছিল পৰীক্ষা কেন্দ্রলৈ৷’ মহাপৰিদর্শক কুমাৰে লগতে কয় যে ১০ হাজাৰ টকাৰ বিনিময়ত প্রার্থীক আগতীয়াকৈ পৰীক্ষাৰ প্রশিক্ষণ দিছিল পি কে দত্তই৷ পি কে দত্তই এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত দিছিল দিবন ডেকাক৷ তদন্তকাৰী বিষয়াই ইতিমধ্যে এই সন্দর্ভত তথ্য লাভ কৰিছে৷ চাকৰি কিনিব বিচৰা বহু প্রার্থীৰ তালিকা আৰক্ষীৰ হাতত পৰিছে বুলিও চি আই ডিৰ মহাপৰিদর্শকগৰাকয়ে জনায়৷ ভার্গৱ হোটেলত প্রশিক্ষণ লোৱা প্রার্থীৰ তথ্য লখৰা আৰু বেতকুছিস্থিত হোটেলৰ মেনেজাৰ দুজনে জ্বলাই দিয়া বুলিও চি আই ডি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমত প্রকাশ কৰে৷ আনহাতে, বেতকুছিৰ হোটেল ভার্গৱ গ্রেণ্ডত নগদ ৫.৫০ লাখ টকা চি আই ডিৰ তদন্তকাৰী দলে জব্দ কৰাৰ লগতে হোটেলখনত থকা প্রার্থীৰ ৰেজিষ্ট্রেজন কার্ড, লখৰাস্থিত হোটেল ভার্গৱৰ পৰা জ্বলাই দিয়া ফ্লেক্স, বেনাৰ, ৪৪৫খন এডমিচন ফর্ম, এছ আই পৰীক্ষাৰ প্রশিক্ষণ গ্রহণ কৰিব বিচৰা প্রার্থীক উদ্দেশ্যি বিজ্ঞাপন দিয়াৰ বাবে অসমীয়া আৰু ইংৰাজী ভাষাত লিখা এখন খচৰা কপী আদি জব্দ কৰে৷ আনহাতে, পি কে দত্তৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলাই চি আই ডিয়ে ১.৫২২ কিলোগ্রাম সোণ, এটা পইণ্ট ৩২ পিষ্টল আৰু ৪টা গুলী জব্দ কৰে৷ জব্দ কৰা পিষ্টলটোৰ ম্যাদ যোৱা ২৩ মার্চতে উকলি গৈছে৷ দত্তৰ বাসগৃহৰ পৰা বহু প্রার্থীৰ এডমিট কার্ডো জব্দ কৰা হৈছে বুলি সুৰেন্দ্র কুমাৰে প্রকাশ কৰে৷ এছ আই পৰীক্ষাৰ কেলেংকাৰি সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) ৪০৬ আৰু তথ্য–প্রযুক্তিৰ আৰ ডব্লিউ ৬৬(বি) ধাৰাত ২১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰৰ এজাহাৰৰ ভিত্তিত দাখিল কৰা গোচৰৰ আধাৰত চি আই ডিয়ে তদন্ত চলাই থকা বুলি সুৰেন্দ্র কুমাৰে সংবাদ মেলত প্রকাশ কৰে৷

You might also like