নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনএইচপিচিৰ নির্মাণ সামগ্রী অবাধে সৰবৰাহ গেৰুকামুখলৈ

ৰাজনীতিত ব্যস্ত জাতীয় সংগঠন

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   বহু বাদ–প্রতিবাদৰ পাছতো নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ অব্যাহত ৰাখিছে এন এইচ পি চিয়ে৷ নির্মাণস্থলীলৈ নিশাৰ ভাগত গোপনে সামগ্রী কঢ়িয়াই নিয়া বাহনক প্রশাসনে সুৰক্ষা প্রদান কৰিছে৷ উল্লেখ্য যে যোৱা ৭ ছেপ্টেম্বৰত চতিয়াৰ  ভাৰত পেট্র’লিয়াম নামৰ ডিপোটোত গেৰুকামুখলৈ নির্মাণ সামগ্রী কঢ়িয়াই অনা চাৰিখন বৃহৎ ট্রেইলাৰে পুৱাৰ ভাগত প্রৱেশ কৰে৷ দিনটো ট্রেইলাৰকেইখন ডিপোটোত ৰখাই থোৱাৰ পাছত নিশা ৯ বজাত অর্ধসামৰিক বাহিনীৰ জোৱানৰ সুৰক্ষা পৰিবেষ্টনীত সামগ্রীসমূহ প্রকল্পস্থলী অভিমুখে ৰাওনা হয়৷ আজি পুৱা প্রায় চাৰি বজাত চাৰিটা বৃহৎ ট্রেন্সফর্মাৰ কঢ়িয়াই অনা চাৰিখন লজিষ্টিক বাহন ট্রেইলাৰসহ তেল ডিপোত অৱস্থান কৰিছে৷ ট্রাককেইখনৰ চালকসকলে জনোৱা মতে, কালি নিশাৰ ভাগত নগাঁৱৰ পৰা সামগ্রীসহ ট্রেইলাৰকেইখন ৰাওনা হোৱাৰ পাছত পুৱতিনিশা ডিপোটোত অৱস্থান কৰিছে৷ কঢ়িয়াই অনা এটা ট্রেন্সফর্মাৰৰ ওজন ৬০ টন বুলি জনোৱাৰ লগতে সামগ্রীসমূহ এন এইচ পি চিৰ বুলি চালকসকলে জনাইছে৷ চালকসকলে জনোৱা মতে, তেওঁলোকক দিনৰ ভাগত যাত্রা কৰিবলৈ প্রশাসনে অনুমতি প্রদান কৰা নাই৷ সেয়ে নিশাৰ ভাগতহে যাত্রা কৰি পুৱতিনিশা প্রশাসনে নির্দিষ্ট কৰি দিয়া কোনো নিৰাপদ স্থানত আশ্রয় লয়৷ বৃহৎ নদীবান্ধটোৰ পৰা নামনি অংশত পৰিব পৰা বিৰূপ প্রভাৱ ৰোধ কৰাৰ স্বার্থত কৃষক মুক্তি সংগ্রাম সমিতি, আছু, জাতীয়তাবাদীয় যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে বিগত সময়ছোৱাত প্রকল্পটো বন্ধ কৰাৰ স্বার্থত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছিল৷ অৰাজনৈতিক সংগঠনকেইটাই ৰাজনৈতিক দল খুলি সক্রিয় ৰাজনীতি কৰিবলৈ আগবাঢ়ি অহাত তেওঁলোকৰ পূর্বৰ প্রতিবাদী চৰিত্রত মামৰে ধৰিলে বুলি সচেতন মহলে চর্চা কৰিছে৷

You might also like