নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাতক পি কে–দিবনৰ সন্ধান দিওঁতালৈ পুৰস্কাৰৰ টোপ অসহায় আৰক্ষীৰ

নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ডৰ শুংসূত্র উলিওৱাত ব্যর্থতা

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষা কেলেংকাৰিৰ দুই মাষ্টাৰ মাইণ্ডৰ শুংসূত্র উলিওৱাত সফল হোৱা নাই অসম আৰক্ষী৷ অৱশেষত অসহায় হৈ আৰক্ষীয়ে সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে৷ সোমবাৰে অসম আৰক্ষীৰ গুৱাহাটীৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ মহানায়ক ক্রমে অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্ত আৰু বিতর্কিত বিজেপি নেতা দিবন ডেকাৰ সন্ধন দিওঁতালৈ আনুষ্ঠানিকভাৱে পুৰস্কাৰ ঘোষণা কৰে৷ সংবাদ মেলত ভাস্কৰজ্যোতি মহন্তই কয়– ‘পি কে দত্তই যাতে সীমান্ত পাৰ হ’ব নোৱাৰে, তাৰ ব্যৱস্থা কৰা হৈছে৷ পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধানত অনুসন্ধান চলি আছে৷ পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওঁতালৈ আমি ১ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত লৈছোঁ৷ দত্ত আৰু দিবনৰ সন্ধানৰ বাবে আমি লুক আইট ন’টিচ জাৰি কৰিছোঁ৷’ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়– যোৱা ২০ ছেপ্টেম্বৰত বিশেষ শাখাৰ মহাপৰিদর্শক হীৰেন নাথৰ পৰা এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ খবৰ পাওঁ৷ ইয়াৰ পাছতে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰৰ সৈতে আলোচনা কৰোঁ আৰু মুখ্যমন্ত্রীৰ নির্দেশত পৰীক্ষা বাতিল কৰা হয়৷ দুর্নীতি হোৱাৰ পূর্বেই পৰীক্ষা বাতিল হোৱাটো ভাল কথা৷

উল্লেখ্য যে এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ ঘটনাত চি আই ডিয়ে এইপর্যন্ত গ্রেপ্তাৰ কৰিছে হীৰকজ্যোতি বৰুৱা, ঋতুৰাজ বৰা, ৰূপম ডেকা আৰু জয়দেৱ বৰুৱাক৷ ইয়াৰে জয়দেৱ বৰুৱা ক’ৰোনাত আক্রান্ত হোৱাত জি এম চি এইচত ভর্তি কৰোৱা হৈছে৷ আনহাতে, ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰা ৯জন অভিযুক্তকে ধৰি মুঠ ১৩জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ লক্ষণীয়ভাৱে এই কেলেংকাৰিত জড়িত ১৩জনকৈ লোকক গ্রেপ্তাৰ কৰা আৰক্ষীয়ে কিন্তু দুর্নীতিৰ সদাগৰ পি কে দত্ত আৰু দিবন ডেকাক গ্রেপ্তাৰ কৰাত ব্যর্থ হৈছে৷ কুখ্যাত পি কে দত্ত আৰু দিবন ডেকাৰ বিয়াগোম অসম আৰক্ষীয়ে শুংসূত্র উলিয়াব নোৱাৰাটো বিভাগটোৰ বাবে লজ্জাজনক বিষয় হিচাপে চর্চিত হৈছে৷ এনে কাৰণতে অসহায় অসম আৰক্ষীয়ে সোমবাৰে সংবাদ মেল পাতি পলাতক পি কে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিব লগা হৈছে৷ ইপিনে, এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ তদন্ত কৰিবলৈ চি আই ডিৰ এটা বৃহৎ দল গঠন কৰা বুলি আৰক্ষী সঞ্চালকপ্রধান মহন্তই সংবাদ মেলত সদৰী কৰে৷ এই কেলেংকাৰিৰ গোচৰটোৰ তদন্ত চি আই ডিৰ মহাপৰিদর্শক সুৰেন্দ্র কুমাৰৰ নেতৃত্বত চলিব আৰু তদন্ত প্রক্রিয়াৰ তদাৰক কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে৷ ইফালে, দুর্নীতিৰ সম্রাট পি কে দত্তৰ মুম্বাইৰ আন্ধেৰীত বিলাসী ফ্লেট থকাৰ লগতে বিভিন্ন স্থানত সম্পত্তি থকাৰ তথ্য লাভ কৰা বুলি সংবাদ মেলত প্রকাশ কৰে জি পি সিঙে৷ পি কে দত্তৰ সম্পত্তিৰ তদন্তৰ বাবে ভিজিলেঞ্চত অচিৰেই গোচৰ ৰুজু কৰা হ’ব বুলি জনায় জি পি সিঙে৷ ইফালে, কেলেংকাৰি ফাদিলৰ পাছতে চি আই ডিৰ হাতত পৰিছিল দিবন ডেকা৷ কিন্তু চি আই ডিয়ে তেওঁক গ্রেপ্তাৰ নকৰাত তদন্তকাৰী সংস্থাটোৰ হাতৰ পৰা সৰকি যাবলৈ সক্ষম হয়৷ এই সন্দর্ভত সিঙে কয়– ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে প্রশ্নকাকত ফাদিল হোৱা সংক্রান্তত চি আই ডিত এজাহাৰ দাখিল কৰাৰ সময়ত এজাহাৰত দিবন ডেকাৰ নাম নাছিল৷ গণেশগুৰিৰ থেংক ইউ লজত অভিযানৰ পাছতহে দিবন ডেকাৰ যোগসূত্র পোৱা গৈছে৷

You might also like