নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ফুটবল দলত অসমৰ হৃত্বিক তিৱাৰী

🔹 কাফা নেচনছ কাপৰ বাবে ভাৰতৰ ২৩জনীয়া দলত স্থান লাভ

নিউজ ডেস্ক, ২৬ আগষ্ট : অসমৰ ফুটবলপ্রেমীৰ বাবে সুখবৰ৷ ভাৰতীয় জাতীয় ফুটবল দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ হৃত্বিক তিৱাৰীয়ে৷ ২৯ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাফা নেচনছ কাপৰ বাবে ভাৰতৰ ২৩জনীয়া দলটোত স্থান লাভ কৰিছে অসমৰ তাৰকা গ’লৰক্ষক হৃত্বিক তিৱাৰীয়ে৷

উজবেকিস্তান আৰু তাজিকিস্তানে যৌথভাৱে আয়োজন কৰা প্রতিযোগিতাখনত ভাৰতে ১ ছেপ্টেম্বৰত ইৰান আৰু ৪ ছেপ্টেম্বৰত আফগানিস্তানৰ বিপক্ষে মুখামুখি হ’ব৷ ২০২১ চনৰ ২৯ মার্চত অন্তিমখন মেচ খেলা হলিচৰণ নার্জাৰীৰ পাছত ভাৰতীয় দলত প্রথমগৰাকী অসমৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে হৃত্বিকে৷

ইফালে, অসমৰ প্রতিভাৱান খেলুৱৈ পার্থিক গগৈয়েও ভাৰতৰ ২৩ বছৰ অনূর্ধ্ব দলটোত স্থান লাভ কৰিছে৷ ভাৰতৰ অনূর্ধ্ব দলটোৱে ইৰানৰ বিপক্ষে দুখন প্রীতি ফুটবল মেচত ভাগ ল’ব৷

You might also like